ভাৰতমনোৰঞ্জন

সু-খবৰ! ১৬ ছেপ্টেম্বৰত মাত্ৰ ৭৫ টকাত উপলব্ধ হ’ব চিনেমা হলৰ টিকট

বিলাসী হলটো একে মূল্যত সকলো চিনেমাৰ টিকট উপলব্ধ হ'ব ৭৫ টকাত

সু-খবৰ! ১৬ ছেপ্টেম্বৰত মাত্ৰ ৭৫ টকাত উপলব্ধ হ’ব চিনেমা হলৰ টিকট

 

ভাৰতত প্ৰথমবাৰৰ বাবে ১৬ ছেপ্টেম্বৰত উদযাপন কৰা হ’ব ৰাষ্ট্ৰীয় চলচ্চিত্ৰ দিৱস ৷ এই দিনটো বিশেষ কৰি তুলিবলৈ এক বিশেষ পদক্ষেপ লোৱা হৈছে। মাল্টিপ্লেক্স এছ’চিয়েশ্যন অৱ ইণ্ডিয়াই কেৱল ৭৫ টকাত চিনেমা হলৰ টিকট উপলব্ধ কৰাৰ বাবে সিদ্ধান্ত লৈছে।

আমেৰিকা যুক্তৰাষ্ট্ৰত ৩ ছেপ্টেম্বৰত উদযাপন কৰা ৰাষ্ট্ৰীয় চলচ্চিত্ৰ দিৱসত ছবিগৃহসমূহে ৩ ডলাৰ কম মূল্যত চলচ্চিত্ৰৰ টিকট উপলব্ধ কৰা বুলি ঘোষণা কৰাৰ পিছতে ভাৰততো লোৱা হৈছে বিশেষ সিদ্ধান্ত। শেহতীয়াকৈ মাল্টিপ্লেক্স এছ’চিয়েশ্যন অৱ ইণ্ডিয়াই ১৬ ছেপ্টেম্বৰক ৰাষ্ট্ৰীয় চিনেমা দিৱস হিচাপে ঘোষণা কৰে৷ লগতে সেইদিনটোত সকলো চিনেমাৰ টিকেট ৭৫ টকাত উপলব্ধ হ’ব বুলিও কয়৷ এইসমূহ টিকেটৰ মূল্য সাধাৰণতে ২০০-৩০০ টকাৰ ভিতৰত হয়। পিভিআৰ, আইএনঅ’এক্স, চিনেপলিছ, কাৰ্নিভাল, মিৰাজ আৰু চিটিপ্ৰাইড, এছিয়ান, মুক্তা এ2, মুভিটাইম, ৱেভ, এম2কে ধৰি সকলো চিনমা হলত চিনেমাৰ টিকেট ৭৫ টকাত বিক্ৰী কৰা হ’ব৷

ৰাষ্ট্ৰীয় চলচ্চিত্ৰ দিৱসে বয়স, জাতি-ধৰ্ম নিৰ্বিশেষে সকলো চিনেমা প্ৰেমী দৰ্শকক এটা দিন ভাৰতীয় চিনেমাৰ নামত উদযাপন কৰাত সহায় কৰিব৷ ভাৰতৰ এক সমৃদ্ধ ঘৰুৱা চলচ্চিত্ৰ উদ্যোগ আছে আৰু বিশ্বব্যাপী চলচ্চিত্ৰৰ ব্যৱসায়ত বিশ্বৰ ভিতৰতে শীৰ্ষ স্থান দখল কৰাৰ সম্ভাৱনা আছে ভাৰতে৷

এই অফাৰত বিলাসী ফৰ্মেটসমূহ অন্তৰ্ভুক্ত কৰা নহ’ব৷ অৱশ্যে সেইসমূহ ৰেহাই মূল্যত উপলব্ধ হ’ব। মধ্য প্ৰাচ্যৰ লগতে আমেৰিকা যুক্তৰাষ্ট্ৰ, ইউকে আৰু ইউৰোপীয় দেশসমূহৰ চিনেমাসমূহেও প্ৰায় একে ধৰণৰে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ দিৱস উদযাপন কৰিছে।ভাৰততহে ১৬ ছেপ্টম্বৰত উদযাপন হ’ব ৰাষ্ট্ৰীয় চলচ্চিত্ৰ দিৱস৷

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

17 − 3 =

Back to top button