Assamleatest updateRegionalSocial

এগৰাকী প্ৰতিষ্ঠিত যুৱ ব্যৱসায়ী আৰমান আলিৰ প্ৰসংশনীয় পদক্ষেপ

ব্যৱসায়ীগৰাকী জামুগুৰিহাটৰ বিশিষ্ট সমাজকৰ্মী ...

এগৰাকী ব্যৱসায়ী, বিভিন্ন লোকক সহায়ৰ হাত আগবঢ়োৱা এই ব্যৱসায়ীগৰাকী জামুগুৰিহাটৰ। জামুগুৰিহাটৰ চামধৰা পানীগাৱৰ নিৱাসী বিশিষ্ট সমাজকৰ্মী তথা গুৱাহাটীৰ প্ৰতিষ্ঠিত যুৱ ব্যৱসায়ী আৰমান আলিয়ে ন’দোৱা সমষ্টিৰ বিভিন্ন প্ৰান্তত দৰিদ্ৰ লোকৰ মাজত আৰ্থিক সাহায্য বিতৰণ কৰি প্ৰসংশা বুটলিবলৈ সক্ষম হৈছে । ব্যক্তিগৰাকীয়ে বিভিন্ন মঠ মন্দিৰ, মছজিদৰ লগতে দুখীয়া- দৰিদ্ৰ লোককো আৰ্থিক অনুদান আগবঢ়াই আহিছে । ব্যৱসায়ীগৰাকীয়ে ৫০লাখ টকা ব্যয় কৰি নিৰ্মাণ কৰি দিয়ে চম’ধৰা পানীগাৱৰ জামে মছজিদ।

প্ৰত্যেক বছৰে ঈদত সকলোকে ২০০ টকাকৈ অৰ্থ সাহাৰ্য্য আগবঢ়াই আহিছে ব্যৱসায়ী আৰমান আলিয়ে । ন’দোৱা সমষ্টিৰ গুৱাহাটীলৈ অহা ৰোগাক্ৰান্ত লোকৰ খবৰ লোৱাৰ লগতে বিগত বহু সময় আৰ্থিক সাহাৰ্য্য আগবঢ়াই আহিছে আৰমানে । জামুগুৰিহাট , টুপিয়া, ধলাইবিল, দৰ্জিবস্তি, বৰদিকৰাই, বামুনিপাম, আজাৰকুৰি, মংগলবৰীয়া, তেঁতেলিগুৰি, হাতীগাঁও, আদি প্ৰায় ২৫খন গাৱৰ গীৰ্জা, মন্দিৰ, মছজিদ নিৰ্মাণৰ বাবে প্ৰত্যেক ধৰ্মানুষ্ঠানত আৰ্থিক অনুদান আগবঢ়াই ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

five × 3 =

Back to top button