leatest updatenationalSocial

জম্মু-কাশ্মীৰৰ ডোদাত সেনা বাহিনীৰ প্ৰত্যাক্ৰমণত নিহত ৪ সন্ত্ৰাসবাদী।

সংঘৰ্ষত শ্বহীদ সেনা বাহিনীৰ এজন কেপ্টেইন।

স্বাধীনতা দিৱসৰ প্ৰাক্ক্ষণত সন্ত্ৰাসবাদী আক্ৰমণৰ আশংকা। জম্মু-কাশ্মীৰৰ ডোদা জিলাত ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণ।
সন্ত্ৰাসবাদী আৰু নিৰাপত্তা বাহিনীৰ মাজত সংঘটিত তুমূল সংঘৰ্ষ। সংঘৰ্ষত শ্বহীদ সেনা বাহিনীৰ এজন কেপ্টেইন। সেনা বাহিনীৰ প্ৰত্যাক্ৰমণত নিহত ৪ সন্ত্ৰাসবাদী। শ্বহীদ ভাৰতীয় সেনাৰ কেপ্টেইন দীপক জাৰী। গুৰুতৰভাৱে আহত দীপক জাৰীৰ চিকিৎসালয়ত মৃত্যু। সংঘৰ্ষস্থলীৰ পৰা বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ।

স্বাধীনতা দিৱসৰ পূৰ্বে জম্মু-কাশ্মীৰত এই ঘটনায়। জম্মুত সেনা বাহিনীৰ ৫ হাজাৰ জোৱান মোতায়েন। অসম ৰাইফলছৰ ২ হাজাৰ সেনা জোৱানো মোতায়েন জম্মু-কাশ্মীৰত। বৰ্তমান দোডা জিলাত সেনাৰ অভিযান অব্যাহত।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

1 × 1 =

Back to top button