টকিঅ’ত ভাৰতীয়ৰ চকুলো, খেলত পৰাজিত হৈ দুখত ভাগি পৰিল মহিলা হকীৰ খেলুৱৈসকল
আজিৰ খেলখনত গ্ৰেট ব্ৰিটেইনে ৪-৩ৰ ব্যৱধানত পৰাস্ত কৰে ভাৰতক
- India's Women Hockey Team
- Tokyo Olympics 2020
- India in Olympics
টকিঅ’ত থমকিলে ভাৰত। শুকুৰবাৰে টকিঅ’ অলিম্পিকত গ্ৰেট ব্ৰিটেইনৰ বিৰুদ্ধে পদক জয় কৰিবলৈ সক্ষম নহ’ল ভাৰতীয় মহিলা হকীৰ দলটো। ব্ৰঞ্জৰ পদকৰ খেলখনত সাহসেৰে যুঁজ দিছিল ভাৰতে। তথাপি প্ৰতিদ্বন্দ্বীক পৰাভূত কৰিবলৈ সক্ষম নহ’ল ভাৰতীয় মহিলা হকীৰ দলটো।
আজিৰ খেলখনত গ্ৰেট ব্ৰিটেইনে ৪-৩ৰ ব্যৱধানত পৰাস্ত কৰে ভাৰতক। ভাৰতৰ মহিলা হকী দলে ব্ৰঞ্জৰ পদক হেৰুৱালে, গ্ৰেট ব্ৰিটেইনৰ বিৰুদ্ধে থ্ৰিলাৰ হেৰুৱালে। খেলত বিজয়ী নহ’লেও অৱশ্যে টকিঅ’ত ভাৰতীয় দলৰ সুন্দৰ অদম্য প্ৰচেষ্টাক প্ৰশংসা কৰিছে অনুৰাগীসকলে।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে টুইটযোগে টকিঅ’ত ভাৰতৰ সাহসী প্ৰদৰ্শনৰ প্ৰশংসা কৰে।
The exceptional performance of the Men’s and Women’s Hockey Team has captured the imagination of our entire nation. There is a renewed interest towards Hockey that is emerging across the length and breadth of India. This is a very positive sign for the coming times. pic.twitter.com/E7HT3Gd7h5
— Narendra Modi (@narendramodi) August 6, 2021
উল্লেখযোগ্য যে, খেলৰ অন্তত পৰাজয়ৰ গ্লানি সহিব নোৱাৰি খেলপাথাৰতে দুখত ভাগি পৰে মহিলা হকী দলটোৰ খেলুৱৈসকল। আনকি দুখত ভাগি পৰা খেলুৱৈসকলক ভাগি নপৰিবলৈ সাহস দিয়ে কিৰেণ ৰিজিজুৱে। লগতে খেলত সুন্দৰ প্ৰদৰ্শনৰো প্ৰশংসা কৰে মন্ত্ৰীগৰাকীয়ে।
हॉकी का सुनहरा दौर वापस लौट आया है ! 🇮🇳
Don't break down girls, you all played superb at #Tokyo2020 by reaching top 4 in the world!
Prime Minister @narendramodi Ji spoke to the players & appreciated them for their performance. #Cheer4India 🇮🇳 pic.twitter.com/kCboaG0RSH
— Kiren Rijiju (@KirenRijiju) August 6, 2021
মহিলা হকীত অলিম্পিকত এয়া ভাৰতৰ সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন। ভাৰতে ১৯৮০ চনৰ অলিম্পিকত চতুৰ্থ স্থানত আছিল, তেওঁলোকে সেই প্ৰতিযোগিতাখনৰ বাবে যোগ্যতা অৰ্জন কৰা নাছিল আৰু ছয় দলৰ ৰাউণ্ড-ৰবিন ফৰ্মেটত প্ৰতিদ্বন্দিতা কৰিছিল।
ভাৰতীয় মহিলা হকী দলে ২০১৬ চনত প্ৰথমবাৰৰ বাবে অলিম্পিকৰ বাবে যোগ্যতা অৰ্জন কৰিছিল য’ত তেওঁলোকে ১২ টা দলৰ ভিতৰত দ্বাদশ স্থানত আছিল। কিন্তু এইবাৰ, তেওঁলোকে চতুৰ্থ স্থানত থাকি তেওঁলোকৰ শ্ৰেষ্ঠ পাৰদৰ্শিতাৰে ভাৰতবাসীৰ মন মুহিলে। ভাৰতলৈ ব্ৰঞ্জ নাহিল একো নাই, ভাৰতীয় মহিলা হকীৰ দলে টকিঅ’ত শ্ৰেষ্ঠ প্ৰদৰ্শন কৰিলে-সেয়াই ভাৰতবাসীৰ বাবে আটাইতকৈ আনন্দৰ বিষয়।

