
গুৱাহাটী মহানগৰীত ত্ৰিকোন প্ৰেমৰ ভয়ংকৰ পৰিণতি।
নিশা হাতীগাঁৱৰ লখিমী নগৰত উদ্ধাৰ যুৱতীৰ মৃতদেহ।
হাউচ নং ১২ ত ডেৰ মাহ পূৰ্বে লিভ ইন ৰিলেশ্বনশ্বীপৰে ভাড়াতীয়া হিচাপে আছিল এহাল প্ৰেমিক-প্ৰেমিকা।
প্ৰেমিক যুৱকজন ভেটাপাৰাৰ ৰোহন কাশ্যপ ওৰফে নয়ন দাস।
এসপ্তাহ পূৰ্বে প্ৰেয়সী গৈছিল বকোৰ গাঁৱৰ ঘৰলৈ।
ইয়াৰে সুযোগ গ্ৰহণ কৰি লম্পট প্ৰেমিকজনে ভাড়াঘৰটোলৈ আনে অন্য এগৰাকী যুৱতী।
শুকুৰবাৰে নিশা প্ৰেমিকা গৰাকী ভাড়াঘৰলৈ ওভতি অহাত ঘৰটোত প্ৰৱেশ কৰিয়ে প্ৰত্যক্ষ কৰে যুৱতীগৰাকীৰ মৃতদেহটো।
এখন বিচনাত কম্বলৰে মেৰিয়াই থোৱা অৱস্থাত উদ্ধাৰ কৰা হয় অচিনাক্ত যুৱতীগৰাকীৰ মৃতদেহটো।
মৃতদেহটোৰ কাষত উদ্ধাৰ কৰা হয় নগদ ডেৰ লাখ টকাৰ উপৰিও ড্ৰাগছ সহ বহু আপত্তিজনক সামগ্ৰী।
ফৰেণচিকৰ আৰু CID ৰ দল এটিয়ে পৰীক্ষা-নিৰীক্ষা কৰে ঘটনাস্থলী।
সম্প্ৰতি পলাতক অৱস্থাত প্ৰেমিক ৰোহন কাশ্যপ ওৰফে নয়ন দাস।
প্ৰেমিক ৰোহন কাশ্যপ এজন বিবাহিত পুৰুষৰ উপৰিও এটি কন্যা সন্তানৰ পিতৃ।
নিশাই আৰক্ষীয়ে উদ্ধাৰ কৰে মৃতদেহটো।
শোধপোচৰ বাবে আৰক্ষীয়ে আটক কৰে প্ৰেমিকা গৰাকীক।

