মৃত্যুৰ ওচৰত হাৰ মানি ইহলোকলৈ গতি কৰিলে উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কল্যাণ সিঙে। শনিবাৰে নিশা শেষ নিশ্বাস ত্যাগ কৰে বৰ্ষীয়ান নেতাগৰাকীয়ে।
সঞ্জয় গান্ধী প’ষ্টগ্ৰেজুৱেট ইনষ্টিটিউট অৱ মেডিকেল চায়েন্সে কয় যে, Sepsis আৰু অংগ বিফলতাৰ বাবেই মৃত্যুক সাৱটি লয় প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে। মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল ৮৯ বছৰ। ৪ জুলাইত ICUত ভৰ্তি কৰোৱা হৈছিল কল্যাণ সিঙক।
উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী আৰু ৰাজস্থানৰ প্ৰাক্তন ৰাজ্যপাল কল্যাণ সিঙৰ মৃত্যুত শোক প্ৰকাশ কৰিছে সকলোৱে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও টুইটযোগে প্ৰকাশ কৰিছে শোক বাৰ্তা।
Kalyan Singh Ji gave voice to crores of people belonging to the marginalised sections of society. He made numerous efforts towards the empowerment of farmers, youngsters and women.
— Narendra Modi (@narendramodi) August 21, 2021
বিশিষ্ট ৰাজনৈতিক নেতা কল্যাণ সিঙৰ মৃত্যু ভাৰতীয় ৰাজনীতিৰ বাবে এক ডাঙৰ ক্ষতি।
