leatest updateঅসম

পুনৰ ৰাজ্যত মৰেল পুলিচিঙৰ ভয়ংকৰ ঘটনা। বিদ্যুতৰ খুঁটাত বান্ধি মাৰপিট এজন যুৱকক।

যুৱকজনক কীটনাশক ঔষধ খুৱাই দিয়াৰো অভিযোগ।

পুনৰ ৰাজ্যত মৰেল পুলিচিঙৰ ভয়ংকৰ ঘটনা। এইবাৰ গোলাঘাটৰ মৰঙীত সংঘটিত মৰেল পুলিচিং। বিদ্যুতৰ খুঁটাত বান্ধি মাৰপিট এজন যুৱকক। ম’বাইল চুৰিৰ অভিযোগত যুৱকজনক মাৰপিট একাংশৰ। যুৱকজনক কীটনাশক ঔষধ খুৱাই দিয়াৰো অভিযোগ।

উল্লেখ্য যে, অৱশেষত চিকিৎসাধীন অৱস্থাত মৃত্যু হয় যুৱকজনৰ। JMCHত ভৰ্তি কৰোৱা হৈছিল যুৱকজনক। দুৰ্ভগীয়া যুৱকজনৰ নাম কুন্দন গড়। ইতিমধ্যে মহিলাসহ ৩ অভিযুক্তক আটক কৰিছে আৰক্ষীয়ে। আটক কৰা যুৱককেইজনৰ নাম তৰুণ ওৰাং, চাৱন ওৰাং, জানকী ওৰাং। বৰ্তমানেও পলাতক বসন্ত ওৰাং নামৰ অভিযুক্তটো।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

two + two =

Back to top button