ছবিয়ে কথা কয়, কোনে বুজিব পিতৃ-জীয়ৰীৰ মনৰ বেদনা?
ইউক্ৰেইনৰ পৰা সুৰক্ষিত কৰি ৰখাৰ বাবেই পিতৃয়ে পঠিয়াই দিছে কন্যাক
যুদ্ধ বিধ্বস্ত ইউক্ৰেইনৰ এখন বিশেষ ফটো। ইউক্ৰেইনৰ কিয়েভ চহৰত নিজ কন্যাক বিদায় দিছে এজন পিতৃয়ে।
৪১ বছৰীয়া আলেকজেণ্ডাৰ নামৰ ব্যক্তিজনে কীয়েভৰ ষ্টেচনত লীভলৈ যোৱা ট্ৰেইনত তুলি দিছে নিজৰ ৫ বছৰীয়া কন্যা আন্নাক। এফালে দেশৰ প্ৰতি দায়িত্ব, আনফালে পৰিয়ালৰ দায়িত্ব। ইউক্ৰেইনৰ পৰা সুৰক্ষিত কৰি ৰখাৰ বাবেই পিতৃয়ে পঠিয়াই দিছে কন্যাক। দেশৰ বাবে বীৰৰ দৰে যুঁজিব লাগিব আলেকজেণ্ডাৰে। আনহাতে, চুবুৰীয়া ৰাষ্ট্ৰত শৰণাৰ্থী হিচাপে থাকিব পৰিয়ালৰ লোক।
Aleksander, 41, says goodbye to his daughter Anna, 5, on a train to Lviv at the Kyiv station, Ukraine, March 4. 2022. Aleksander has to stay behind to fight in the war while his family leaves the country to seek refuge in a neighbouring country. pic.twitter.com/inG01ArGDS
— Emilio Morenatti (@EmilioMorenatti) March 4, 2022
কোনো নিশ্চয়তা নাই তেওঁলোকে পুনৰ লগ পাবনে নাপায়। এই বিদায় কঠিন দুয়োৰে বাবে। এই ফটোখনে এতিয়া তোলপাৰ লগাইছে ছ’চিয়েল মিডিয়াত। কোনে বুজিব তেওঁলোকৰ বেদনা?


