অৰ্থনৈতিকআন্তঃৰাষ্ট্ৰীয়জীৱনশৈলীফেশ্বনবিশ্বভাৰতমনোৰঞ্জন

মিছ ইউনিভৰ্ছ-২০২১ৰ খিতাপ আজুৰিলে ভাৰতৰ হৰনাজ কৌৰ সান্ধুৱে, কিন্তু হঠাৎ চৰ্চাত সান্ধুৰ শিৰত জিলিকা হীৰাৰ মুকুটটো

মুকুটটোৰ মূল্য ৫ মিলিয়ন আমেৰিকান ডলাৰ

বিশ্বই পালে আকৌ এগৰাকী মিছ ইউনিভৰ্ছ। এই বছৰৰ মিছ ইউনিভৰ্ছ-২০২১ৰ তাজ পিন্ধিলে ২১ বছৰীয়া ভাৰতৰ হৰনাজ কৌৰ সান্ধুৱে।

মিছ ইউনিভৰ্ছৰ খিতাপ জিকাৰ পাছতে সান্ধুৰ মুৰত সু-সজ্জিত হ’ল এটা কোটিটকীয়া হীৰাৰ মুকুট।

সময়ে সময়ে মিছ ইউনিভৰ্ছৰ এই মুকুট সলনি কৰা হয়। পিছে, সান্ধুৰ শিৰত জিলিকি উঠা এই মুকুটটো এতিয়া সৰ্বাধিক চৰ্চিত। কিন্তু আপুনি জানি আচৰিত হ’ব মিছ ইউনিভৰ্ছৰ খিতাপত এতিয়ালৈকে সৰ্বাধিক মূল্যৰ মুকুটটো হৈছে সান্ধুৰ শিৰত জিলিকা হীৰাৰ মুকুটটো। এই মুকুটটোৰ মূল্য ৫ মিলিয়ন আমেৰিকান ডলাৰ, ভাৰতীয় মুদ্ৰা অনুসৰি ইয়াৰ মূল্য প্ৰায় ৩৭ কোটি টকা।

এই মুকুটটো প্ৰকৃতি, শক্তি, সৌন্দৰ্য, নাৰীত্ব আৰু একতাৰ প্ৰতীক। মুকুটটো ১৮ কেৰেট সোণ, ৬২.৮৩ কেৰেটৰ ১৭৭০টা শ্বিল্ড-কাট গোল্ডেন কেনাৰী হীৰাৰ দাৰা প্ৰস্তুত এই বিলাসী মুকুটটোৰ ডিজাইনে সাতটা মহাদদ্বীপক প্ৰতিনিধিত্ব কৰে।

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

20 + twelve =

Back to top button