
অৰুণাচল প্ৰদেশ আৰু চীনৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ পৰা ৫০ কিলোমিটাৰ নিলগত চীনে বিশ্বৰ বৃহত্তম নদীবান্ধৰ নিৰ্মাণ কৰাৰ খবৰে ভাৰতক উদ্বিগ্ন কৰি ৰাখিছিল। সেই নদীবান্ধৰ নিৰ্মাণ আৰম্ভ কৰা বুলি অৱশেষত চীনে ৰাজহুৱাকৈ ঘোষণা কৰিছে। চীনৰ এই ঘোষণাই অৰুণাচল প্রদেশ, অসম আৰু বাংলাদেশৰ নামনি অংশত ভয়ংকৰ প্ৰভাৱ পেলোৱাৰ গভীৰ আশংকাৰ সৃষ্টি কৰিছে। ১৬৭.৮ বিলিয়ন মার্কিন ডলাৰ ব্যয় সাপেক্ষ বিশ্বৰ সৰ্ববৃহৎ এই নদীবান্ধৰ নিৰ্মাণ কার্য শনিবাৰে আৰম্ভ হোৱা বুলি ঘোষণা কৰিছে চীনৰ প্রধানমন্ত্রী লি কিয়াঙে। য়াৰলুং ছাংপো নামে চীনত পৰিচিত ব্ৰহ্মপুত্ৰ নদীৰ অৱবাহিকাত অৱস্থিত নিংগাচি চহৰত আয়োজিত এক বিশাল অনুষ্ঠানত প্রধানমন্ত্রী লি কিয়াঙে নির্মাণ কাৰ্যৰ উদ্বোধন কৰে। অনুষ্ঠানত তেওঁ জনায় যে, যোৱা ডিচেম্বৰত চৰকাৰে এই প্রকল্প নির্মাণত অনুমোদন জনায় আৰু এই নদীবান্ধ বিশ্বৰ সকলো নদীবান্ধতকৈ বৃহত্তম হ’ব। এই নদীবান্ধৰ পৰা বছৰি ৩০০ বিলিয়ন কিলোৱাট/ঘণ্টা বিদ্যুৎ উৎপাদন হ’ব আৰু ইয়াৰ মুঠ শক্তি উৎপাদন ক্ষমতা হ’ব ৬০,০০০ মেগাৱাট। ইয়াৰ পৰা উৎপাদিত শক্তিয়ে ৩০০ নিযুত বা ৩০ কোটি লোকক বিদ্যুৎ শক্তি যোগান ধৰিব পাৰিব।চীনৰ এই বৃহত্তম নদীবান্ধ ভাৰত আৰু বাংলাদেশৰ বাবে প্রবল ভীতিৰ কাৰণ হৈ পৰিব পাৰে। কিয়নো চীনে এই বান্ধৰ বৃহৎ জলাধাবসহ সম্পূর্ণ প্রকল্প নির্মাণ কৰিছে দুখন টেক্টনিক প্লেটব খণ্ডিত বা ভগ্ন অংশত। প্রণিধানযোগ্য যে, হিমালয়ৰ এই অংশটো সর্বোচ্চ ভূমিকম্প প্রবণ ৫ মণ্ডলত অৱস্থিত। ভূমিকম্প সৃষ্টিকাৰী টেক্টনিক প্লেট বা ভূফলকৰ ওপৰত প্ৰকল্পটো নিৰ্মাণ কৰাৰ বিষয়ে ভাৰতক চৰমভাবে উদ্বিগ্ন কৰিছে। কিয়নো ভূমিকম্পৰ ফলত এই নদীবান্ধ ক্ষতিগ্রস্ত হ’লে বা ভাগিলে প্রথমেই অবর্ণনীয় ক্ষতিব সম্মুখীন হ’ব অৰুণাচল প্রদেশ আৰু অসম। অন্যার্থত সম্ভাব্য ভূমিকম্পৰ ক্ষেত্ৰত এই নদীবান্ধ অসম-অৰুণাচল প্রদেশৰ বাবে বৃহত্তম জলবোমা।যোৱা ৮ জুলাইত পি টি আইৰ সৈতে হোৱা এক সাক্ষাৎকাৰত ভাৰতৰ সীমান্তৰ তেনেই কাষত, অৰুণাচল প্ৰদেশৰ পৰা মাথোঁ ৫০ কিলোমিটাৰ নিলগত চীনে নির্মাণ কৰি থকা বিশ্বৰ বৃহত্তম নদীবান্ধটো অসম-অৰুণাচল প্রদেশৰ বাবে এক ভয়ংকৰ জলবোমা হৈ উঠিব বুলি উদ্বিগ্নতা প্রকাশ কৰিছিল অৰুণাচল প্রদেশৰ মুখ্যমন্ত্রী পেমা খান্ডুরে। মেডগ নদীবান্ধ হিচাপে পৰিচিত এই বান্ধৰ যি বিশালাকাৰ জলাধাৰ (Reservoir) চীনে নির্মাণ কৰি আছে, সেয়াই অৰুণাচল প্রদেশ আৰু অসমৰ বাবে এক ভয়ংকৰ জলবোমা হ’ব পাবে বুলি আশংকা কৰিছিল পেমা খান্ডুবে। পেমা খাণ্ডুৰ উদ্বিগ্নতাৰ অন্যতম মূল কাৰণ বিশ্বৰ সৰ্ববৃহৎ নদীবান্ধটোৰ নিৰ্মাণৰ ক্ষেত্ৰত চীনে প্রদর্শন কৰা স্বচ্ছতাহীন কার্যকলাপ। ১৬৭.৮ বিলিয়ন মার্কিন ডলাৰ অৰ্থ ব্যয় কৰি নিৰ্মাণ কৰিবলৈ লোৱা এই বান্ধটোৰ নিৰ্মাণ অথবা তেনে কোনো তথ্য চীনে ভাৰতৰ সৈতে বিনিময় কৰা নাই। সেয়ে চীনৰ এই বান্ধ সম্পর্কীয় সকলো কার্যকলাপ ৰহস্যৰ আবর্তত বুলি তেওঁ মন্তব্য কৰিছিল। আন্তঃবাষ্ট্রীয় আইন অনুসৰি নদীবান্ধ, নদীৰ পানীৰ নির্গমনৰ পৰিমাণ, জলাধাৰৰ বাবে ধৰি বখা পানীৰ পৰিমাণ সন্দৰ্ভত একেখন নদী প্রবাহিত হোৱা দুখন কিম্বা তিনি-চাৰিখন প্রতিবেশী দেশে তথ্য বিনিময় কৰিব লাগে। কিন্তু চীনৰ সৈতে পূৰ্বৰ জলবণ্টন চুক্তিৰ ম্যাদ শেষ হোৱাৰ অজুহাতত আৰু নতুন চুক্তি সম্পাদিত নোহোৱাত চীনে ভাৰতৰ সৈতে জলপ্রবাহ সম্পর্কীয় তথ্য ভাৰতৰ সৈতে বিনিময় নকৰে। সেয়ে বছৰি ৩০০ বিলিয়ন কিলোৱাট/ঘণ্টা পৰিমাণৰ বিদ্যুৎ শক্তি আহবণ কৰিব পৰাকৈ য়াৰলুং ছাংপোৰ (চীনত ব্ৰহ্মপুত্ৰৰ নাম) ওপৰত চীনে নির্মাণ কৰি থকা মেডগ নদীবান্ধৰ ন্যূনতম তথ্যৰ বাহিৰে কোনো বিশদ তথ্য দেশখনে ভাৰতক প্রদান কৰা নাই। প্রসংগতঃ উল্লেখযোগ্য, এই মেডগ ডামৰ বাহিৰে বিশ্বৰ কোনো নদীৰ ওপৰত ১৬৭.৮ বিলিয়ন ডলাৰ ব্যয় সাপেক্ষ আৰু ইমান বিশাল পৰিমাণৰ বিদ্যুৎ উৎপাদনৰ ক্ষমতা থকা নদীবান্ধ নাই।কোৱা বাহুল্য মাথোঁ, পূৰ্বৰ ‘থ্ৰী গর্জেছ ডাম’ৰ উপৰি চীনে সম্প্রতি ব্রহ্মপুত্রৰ ওপৰত ভাৰতলৈ পাক এটা লৈ নদীখনে প্রবেশ কৰাৰ ঠিক পূর্বে এই এটা নদীবান্ধ নির্মাণ কৰিবলৈ লৈছে, যিটো হ’ব বিশ্বৰ সৰ্ববৃহৎ নদীবান্ধ। এই নদীবান্ধ ভাৰতৰ বাবে আৰু বিশেষকৈ অসমৰ সুৰক্ষাৰ প্ৰতি চীনৰ পৰা অহা অভাবনীয়ভাবে ভয়ংকৰ ভাবুকি। সেই কথা কোনেও অস্বীকাৰ কৰিব নোৱাৰে। চীনে এই নদীবান্ধেৰে ব্ৰহ্মপুত্ৰৰ অর্ধেক জলপ্রবাহৰ গতি সলনি কৰি দিব জলবিদ্যুৎ উৎপাদনৰ বাবে। ২০ কিলোমিটাৰ দৈৰ্ঘ্যৰ এটা ‘টানেল’ নির্মাণ কৰা এই নদীবান্ধে ৬০ গিগাৱাট শক্তি আৰু বছবি ৩০০ বিলিয়ন কিলোৱাট (কেডব্লিউএইছ) বিদ্যুৎ উৎপাদন কৰিব। এয়া হ’ব চীনৰ ব্ৰহ্মপুত্ৰৰ ওপৰৰ পূৰ্বৰ ‘থ্ৰী’ গর্জেছ ডাম’ৰ তিনি গুণ অধিক পৰিমাণৰ উৎপাদিত শক্তি। চীনৰ এই নির্মীয়মান বিশ্বৰ বৃহত্তম নদীবান্ধে ভয়ংকৰ ‘ডাউনষ্ট্ৰীম এফেক্ট’ বা নামনি অঞ্চলত প্রভাৱ পেলাব। কিয়নো নিয়মিতভাবে শক্তি উৎপাদন কৰি থকা অৱস্থাত যদি ব্রহ্মহ্পুত্র নদীৰ জলস্তৰ বৃদ্ধি পায়, তেন্তে চীনে জলাধাৰৰ পৰা ২০০০ ‘কিউমেক’ছ পানী এবি দিব। আনহাতে খৰালিৰ সময়ত যেতিয়া ব্ৰহ্মপুত্ৰৰ জলস্তৰ কমি যাব, তেতিয়াও এই নদীবান্ধৰ জৰিয়তে শক্তি উৎপাদন কৰিবলৈ চীনে সেই বান্ধৰ জলাধাৰ ব্ৰহ্মপুত্ৰৰ পানীৰেই পূর্ণ কৰি ৰাখিব। তেতিয়া অৱধাৰিতভাবে নামনি অংশ, অর্থাৎ অসমত ব্রহ্মপুত্রৰ পানীৰ পৰিমাণ কমি যাব।প্রসংগতঃ উল্লেখযোগ্য, চীনৰ চৰকাৰৰ ‘পলিচি’ নির্ধাৰণ কৰা অন্যতম শীর্ষ ব্যক্তিত্ব ভিক্টৰ ঝিয়াই গাবে ভাৰতক ‘অপাৰেচন সিন্দূৰ’ৰ সময়ত চীনব নদীবান্ধৰ জৰিয়তে ক্ষতি কৰিব পৰাৰ ক্ষমতা থকা বুলি ভাবুকি প্রদান কৰিছিল। বেইজিঙৰ ‘চেণ্টাৰ ফৰ চাইনা এণ্ড গ্লোবেলাইজেচন’ৰ উপাধ্যক্ষ গারে ‘ইন্ডিয়া টুডে’ক দিয়া এটা সাক্ষাৎকাৰত ভাৰতক একপ্ৰকাৰৰ ভাবুকি দি কৈছিল— তোমাৰ ক্ষেত্রত যিটো ক্ষতি হ’ব নালাগে বুলি ভাবা, সেইটো ক্ষতি আনৰ ক্ষেত্রত নকৰিবা। বেইজিঙৰ হাতত ব্রহ্মপুত্রৰ জলপ্রবাহৰ ছাবি-কাঠি (স্ট্রটেজিক গ্রিপ) আছে। ভাৰতে সিন্ধু জলবণ্টন চুক্তি বাতিল কৰি পাকিস্তানক এসেকা দিবলৈ লোৱা সিদ্ধান্তৰ পৰিপ্ৰেক্ষিতত চীনে পাকিস্তানৰ পক্ষ লৈ এই ভাবুকিসূচক মন্তব্য কৰিছিল। ব্ৰহ্মপুত্ৰৰ ক্ষেত্ৰত চীনৰ প্ৰতি ভাৰতৰ যিটো সবাটোকৈ ভয়ংকৰ ভীতি, সেয়া হৈছে চীনে ব্রহ্মহ্মপুত্রৰ ওপৰত ভাৰতৰ তেনেই সীমান্তত নিৰ্মাণ কৰা বিৰাট নদীবান্ধ। চীনে ব্রহ্মহ্মপুত্ৰৰ ওপৰত নির্মাণ কৰা নদীবান্ধক লৈ দেশৰ শীর্ষস্থানীয় নদী বা জল বিশেষজ্ঞৰ আশংকা আছে। কেন্দ্রীয় চৰকাৰৰ জলশক্তি মন্ত্রণালয়ৰ ব্ৰহ্মপুত্র আৰু বৰাকৰ প্রাক্তন আয়ুক্ত তীবথ সিং মেহৰা আৰু সিন্ধু প্রবাহব কেন্দ্রীয় চৰকাৰৰ প্ৰাক্তন আয়ুক্ত তথা ‘কেন বেটরা লিংক’ প্রকল্পৰ প্রাক্তন উপদেষ্টা প্রদীপ কুমৰ ছাক্সেনাই চীনে ব্রহ্মপুত্রৰ ওপৰত নির্মাণ কৰা আৰু সম্প্রতি নির্মাণ কৰি থকা নদীবান্ধক লৈ গভীব শংকা প্রকাশ কৰিছে। একে সময়তে কেন্দ্রীয় চৰকাৰবো এইক্ষেত্রত আশংকা আছে। সেয়ে কেন্দ্রই ২০০৬ চনতে এই উদ্বেগ চম্ভালিবৰ বাবে ‘এক্সপার্ট লেভেল মেকানিজম’ গঠন কৰিছিল।কিন্তু যিখন দেশত, চুবুৰীয়া ৰাজ্য অৰুণাচল প্রদেশৰ য়াজুলিত থকা ৰঙানদী বান্ধৰ পানী এৰি দিওঁতেই অসমৰ প্ৰশাসনক আগতীয়া খবৰ নিদিয়ে আৰু নীপকোৰ হঠকাৰিতাত লখিমপুৰৰ গাঁও, মাটি-ভেটি উটি যায়, সেইক্ষেত্রত শত্রুদেশ চীনে যদি কোনো খা-খবৰ নিদিয়াকৈ তেওঁলোকৰ বৃহত্তম বান্ধৰ অতিৰিক্ত পানী ভবিষ্যতে এবি দিয়ে, তেতিয়া অসমৰ অবস্থা কি হ’ব? অৰুণাচল প্রদেশৰ মুখ্যমন্ত্রী পেমা খাণ্ডুব বক্তব্যত এই আশংকা পূর্ণরূপত প্রতিফলিত হৈছিল। কিয়নো চীনে বিদ্যুৎ উৎপাদনৰ বাবে এই বিৰাট বিৰাট নদীবান্ধ নির্মাণ কৰিলেও তেওঁলোকে এই নদীবান্ধব পানী প্রয়োজনত ভাৰতৰ বিৰুদ্ধে জলবোমা হিচাপেও ব্যৱহাৰ কৰাৰ পৰিকল্পনা আছে। সম্ভবতঃ সেয়ে চীনৰ ভিক্টৰ ঝিকাই গারে ‘অপাৰেচন সিন্দুৰ’ৰ সময়ত ভাৰতক ভাবুকি দিছিল। অনস্বীকার্য যে, চীনক লৈ ব্ৰহ্মপুত্ৰৰ ক্ষেত্ৰত কেন্দ্রীয় চৰকাৰৰ উদ্বেগ আছে। কাৰণ পাকিস্তানক না না উপায়ে ভাবতে বশ কৰিব পাৰিলেও চীন ভাৰতৰ বাবে কেতিয়াও সহজ শত্রু নহয়।পেমা খান্ডুবে কৈছিল যে, অৰুণাচল প্রদেশৰ বাবে এই বান্ধ ভয়ংকৰ ভীতি। ইয়াৰ জলাধাৰটোৱেই মূল ভীতিৰ কাৰণ, কিয়নো চীনে হঠাতে এৰি দিয়া পানীয়ে চিয়াং আৰু ব্রহ্মপুত্র নদীত অভাবনীয় বান সৃষ্টি কৰি সকলো নিশ্চিহ্ন কৰি নিব পাৰে। এই বান্ধ চীনে ভাৰতৰ বিৰুদ্ধে অস্ত্র হিচাপে ব্যৱহাৰ কৰিব পাৰে বুলি তেওঁ পিটিআইৰ আগত মন্তব্য কৰিছিল। পেমা খাণ্ডুৰ দাবী, চীনে ইয়াৰ জৰিয়তে ভাৰতৰ কি ক্ষতি কৰিব পাৰে সেয়া কোনেও নাজানে। তেনে পৰিকল্পনা হাতত বাখিয়েই চীনে ভাৰতৰ সৈতে আন্তঃৰাষ্ট্ৰীয় চুক্তি সম্পাদন নকৰা বুলি পেমা খাণ্ডুরে আশংকা প্রকাশ কৰিছিল।

