
১৯৯৩ চনৰ সংঘটিত হৈছিল এক অপহৰণৰ ঘটনা। খেৰণীৰ পৰা অপহৰণ কৰা হৈছিল কানহায়ালাল গুপ্তা নামৰ এজন ৰে’লৱেৰ ঠিকাদাৰক। ২০০১ চনত এই গোচৰটোৰ অভিযোগনামা দাখিল কৰা হৈছিল। গোচৰটোৰ অন্যতম অভিযুক্ত আছিল সেই সময়ৰ আলফাৰ উপ প্ৰধান দৃষ্টি ৰাজখোৱা। ২০২৩ বৰ্ষত আত্মসমৰ্পণ কৰিছিল দৃষ্টি ৰাজখোৱাই। আজি গোচৰটোৰ সন্দৰ্ভত টাডা আদালতত আত্মসমৰ্পণ কৰে ৰাজখোৱাই। ৰাজখোৱাই আদালতক অৱগত কৰে যে গোচৰটোৰ সন্দৰ্ভত তেওঁ কোনো গ্ৰেপ্তাৰী পৰোৱান লাভ কৰা নাই। যাৰ বাবে টাডা আদালতে ৰাজখোৱাৰ জামিন মঞ্জুৰ কৰে ।এই কথা সদৰী কৰে ৰাজখোৱাৰ অধিবক্তা বিজন মহাজনে। উল্লেখযোগ্য় যে, বৰ্তমান বি জে পি ৰ নেতা দৃষ্টি ৰাজখোৱা।