Assamleatest updateSocial
যাদৱ পায়েং,পূৰ্ণিমা দেৱী বৰ্মনলৈ সন্মানীয় ডক্টৰেট ডিগ্ৰী।
যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয়ৰ ২৫ তম সমাৱৰ্তনত যাদৱ পায়েং,পূৰ্ণিমা দেৱী বৰ্মনলৈ এই সন্মান

আজি যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয়ৰ ২৫ তম সমাৱৰ্তন। যাদৱ পায়েং,পূৰ্ণিমা দেৱী বৰ্মনলৈ সন্মানীয় ডক্টৰেট ডিগ্ৰী।
বিশ্ববিদ্যালয়ৰ মাধৱ চন্দ্ৰ দাস সোঁৱৰণী প্ৰেক্ষাগৃহত এই অনুষ্ঠান। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ পৌৰহিত্যত এই অনুষ্ঠান অনুষ্ঠিত হয়। অনুষ্ঠানত অংশগ্ৰহণ কৰে কৃষিমন্ত্ৰী অতুল বৰাই।
সমাবৰ্তনত অৰণ্য মানৱ যাদৱ পায়েং(মুলাই) আৰু প্ৰকৃতিপ্ৰেমী গ্ৰীণ অস্কাৰ বিজয়ী পূৰ্ণিমা দেৱী বৰ্মণক সন্মানীয় ডক্টৰেট ডিগ্ৰী প্ৰদান কৰা হয়।
অসম কৃষি বিশ্ববিদ্যালয়ৰ অন্তৰ্গত ৯ খন মহাবিদ্যালয়ৰ পৰা স্নাতক আৰু স্নাতকোত্তৰ ডিগ্ৰীৰ লগতে পি এইচ ডি লাভ কৰা ৫৪৮ গৰাকী শিক্ষাৰ্থীক আনুষ্ঠানিকভাৱে ডিগ্ৰী প্ৰদান কৰাৰ লগতে সোণৰ পদক আৰু অন্যান্য পুৰস্কাৰো প্ৰদান কৰা হয়।