AssamInternationalleatest updateSports
এছিয়া হকী চেম্পীয়নশ্বিপত উজলিল ভাৰতীয় মহিলা হকী দল।
৪–০ গ’লত পৰাস্ত জাপানক।

এছিয়া মহিলা হকী চেম্পীয়নশ্বিপত বিজীয় হ’ল ভাৰত। জাপানক ৪–০ গ’লত পৰাস্ত কৰি নতুন এছিয়ান চেম্পীয়ন হিচাপে উজলি উঠিল ভাৰতীয় মহিলা হকী দলটো। ৰাঁছীত দেওবাৰে অনুষ্ঠিত এছিয়া মহিলা হকী চেম্পিয়নশ্বিপৰ ফাইলেনত সংগীতা কুমাৰী, নেহা গোয়েল, লালৰেম ছিয়ামী আৰু বন্দনা কাটিয়াৰৰ গ’লেৰে যোৱাবাৰৰ চেম্পিয়ন জাপনক পৰাভূত কৰে।
এই জয়ৰ লগে লগে দ্বিতীয়বাৰৰ বাবে মহিলা হকীত এছিয়াৰ শ্ৰেষ্ঠ দল হিচাপে পৰিগণিত হ’ল ভাৰত। ইয়াৰ পূৰ্বে ২০১৬ চনত ছিংগাপুৰত অনুষ্ঠিত এছিয়ান চেম্পিয়নশ্বিপত ভাৰতে বিজয় সাব্যস্ত কৰিছিল।