ভাৰতীয় মহাকাশ গৱেষণাৰ বাবে আজি এক ঐতিহাসিক দিন।
পুনৰবাৰ বিৰল ঐতিহাসিক ক্ষণৰ সাক্ষী হ’ল ISRO।
![ভাৰতীয় মহাকাশ গৱেষণাৰ বাবে আজি এক ঐতিহাসিক দিন। ভাৰতীয় মহাকাশ গৱেষণাৰ বাবে আজি এক ঐতিহাসিক দিন।](https://prathamkhabartv.com/wp-content/uploads/2024/01/Aditya-l1--780x470.jpg)
ভাৰতীয় মহাকাশ গৱেষণাৰ বাবে আজি এক ঐতিহাসিক দিন। পুনৰবাৰ বিৰল ঐতিহাসিক ক্ষণৰ সাক্ষী হ’ল ISRO। ১২৬ দিনৰ যাত্ৰাৰ অন্তত অৱশেষত সফসতাৰে বিয়লি ৪ বজাত লক্ষ্যত উপনীত হ’ল আদিত্য L-1। টুইটযোগে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জনালে এই কথা।
লিগ্ৰেঞ্জ পইণ্ট ৱানত উপনীত হ’ল ISROৰ প্ৰথম সূৰ্য অভিযান সূৰ্যযান আদিত্য L-1। পৃথিৱীৰ পৰা ১৫ লাখ কি.মি. দূৰত্বত অৱস্থিত L-1 পইণ্ট। ১২৬ দিনৰ যাত্ৰাৰ অন্তত সূৰ্যযানে ৰচিলে অভিলেখ। হেল’ অৰবিটত ৫ বছৰ কাৰ্যক্ষম হৈ থাকিব ADITYA L-1
উল্লেখ্য যে, ২ ছেপ্টেম্বৰ ২০২৩ত শ্ৰীহৰিকোটাৰ পৰা উৎক্ষেপণ কৰা হৈছিল সূৰ্যযান ADITYA L-1। PSLV-C57ৰ XL শ্ৰেণীৰ ৰকেটেৰে পুৱা ১১.৫০ বজাত উৎক্ষেপণ কৰা হৈছিল ADITYA L-1ক। পৃথিৱী আৰু সূৰ্যৰ গুৰুত্বকাৰ্ষণ শূন্যৰ অৱস্থান L1 অথবা লেংগ্ৰেজ পইণ্টৰ পৰা সূৰ্যৰ ওপৰত অধ্যয়ন চলাব আদিত্য-L1এ।