ফটোফেশ্বনমনোৰঞ্জন

সামাজিক মাধ্যমত ভাইৰেল মৌনি ৰয়ৰ কেতিয়াও নেদেখা কেইখনমান ফটো। চাও আহক মৌনিৰ এই বিশেষ ফটোকেইখন…

মৌনি ৰয়ৰ শেহতীয়া প'ষ্টটোৱে সামাজিক মাধ্যমত যথেষ্ট খলকনিৰ সৃষ্টি কৰিছে

স্বামী সুৰজ নাম্বিয়াৰ আৰু ঘনিষ্ঠ বন্ধুৰ সৈতে নৱবৰ্ষক আদৰিবলৈ আবুধাবিলৈ গৈছে অভিনেত্ৰী মৌনি ৰয়। আবুধাবিৰ ধুনীয়া ছবি আৰু ভিডিঅ’ ইনষ্টাগ্ৰামৰ জৰিয়তে শ্বেয়াৰ কৰিছে অভিনেত্ৰীগৰাকীয়ে। মৌনি ৰয়ৰ শেহতীয়া প’ষ্টটোৱে সামাজিক মাধ্যমত যথেষ্ট খলকনিৰ সৃষ্টি কৰিছে। ইনষ্টাগ্ৰামৰ জৰিয়তে শ্বেয়াৰ কৰা ছবিখনত দেখা গৈছে মৌনীক ক’লা পোছাক পিন্ধি, চকুত ক’লা ৰঙৰ ছানগ্লাছ পিন্ধি, হাতত পানীয়লৈ থকা। যাৰ কেপচনত মৌনীয়ে লিখিছে, “ME TO THE SEA”।

 

 

ইয়াৰ পূৰ্বে মৌনি ৰয়ে নুৰাই দ্বীপৰ পৰা এটা পোষ্ট শ্বেয়াৰ কৰিছিল। য’ত মৌনিক সেউজীয়া সাজ-পোছাকত নিজৰ গাৰ্ল গেঙৰ সৈতে আইলেণ্ডটোত সময় অতিবাহিত কৰা দেখা গৈছে। য’ত কেপচনত মৌনীয়ে লিখিছে, “Solid foundation of sarcasm, inappropriateness, vino, laughter, shenanigans & love!”

 

 

 

মৌনি ৰয়ৰ ছ’চিয়েল মিডিয়া পোষ্টবোৰে প্ৰায়ে খলকনি তোলে ছ’চিয়েল মিডিয়াত। অভিনেত্ৰীগৰাকীয়ে ক’লা বুট আৰু স্লিং বেগৰ সৈতে টিম কৰা ষ্টাইলিছ অ’অ’টিডি পিন্ধি কিছু ছবি শ্বেয়াৰ কৰে।

 

 

 

ইয়াৰ পূৰ্বে মৌনি ৰয় আৰু সুৰজ নাম্বিয়াৰে ফিফা বিশ্বকাপ ২০২২ৰ বাবে কাটাৰৰ দোহালৈ গৈছিল।মৌনীয়ে তেওঁৰ “মেজিক মেনিক ডে”ৰ কিছুমান ছবি শ্বেয়াৰ কৰিছিল এটা পোষ্টত। মৌনি ৰয়ে দোহাত কিংবদন্তি ফুটবলাৰ ডিয়েগো মাৰাডোনাক সন্মান জনাই আয়োজন কৰা প্ৰদৰ্শনীও পৰিদৰ্শন কৰে। ইনষ্টাগ্ৰামত তেওঁৰ ভ্ৰমণৰ এটা স্নিক পিক শ্বেয়াৰ কৰে। যাৰ কেপচনত লিখা আছিল, “Visit to the Maradona exhibition in Doha today- reliving Maradona! simply wow!”

 

View this post on Instagram

 

A post shared by mon (@imouniroy)

 

মৌনি ৰায়ক শেষবাৰৰ বাবে ব্ৰহ্মাষ্ট্ৰত দেখা গৈছিল ৰণবীৰ কাপুৰ আৰু আলিয়া ভাটৰ সৈতে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

4 × 2 =

Back to top button