অসমশিল্পীসংগীতসংস্কৃতি

আমাৰ নিজৰ মাজত কাজিয়া নকৰিব

আমি এটা পৰিয়ালৰ দৰে নাথাকিলে তাৰ এখন ঘৰ নাথাকিব

জুবিন গাৰ্গৰ মুখাগ্নি কৰিছিল ৰাহুল গৌতম শৰ্মাই। জুবিন গাৰ্গৰ মৃত্যুৰ পিছত সংবাদ মাধ্যমৰ আগত মন্তব্য দিয়াৰ পৰা বিৰত আছিল ৰাহুল গৌতম শৰ্মা। কেনেকৈ দিব ? নিজৰ পিতৃ সম ব্যক্তিজনক হেৰুৱাই ভাগি পৰিছিল তেওঁ। নিজে ভাগি পৰিলেও সামাজিক মাধ্যম যোগে অৱশেষত সকলোকে একগোট হৈ থাকিবলৈ অনুৰোধ জনাই ৰাহুল গৌতম শৰ্মাই লিখিছে-

“কিছু বছৰ আগেয়ে তাৰ বিষয়ে লিখিছিলোঁ – এটাই জীৱন, তাতে এটাই জুবিন। এতিয়াও তাৰ বিষয়ে মই সিমানখিনিয়েই ক’ব পাৰোঁ। যোৱা দিনকেইটাত মাথোঁ ছবিখনক লৈয়েই ব্যস্ত হৈ আছোঁ। প্ৰজেক্টটো খোল খালেই খিলখিলাই হাঁহি দিয়ে সি। ৰৈ যাওঁ। কাণত বাজে তাৰ মাতটো – কাম কৰ, কাম কৰ, এইবোৰ একো নাই। কৰি আছোঁ। সি নাই বুলি মই দুখ কৰিব খোজা নাই। মানি ল’লেহে দুখ কৰিম। কিয় মানিম?
সংবাদ মাধ্যমৰ পৰা বহুবাৰ অনুৰোধ আহিছে। বাৰে বাৰে অনুৰোধ প্ৰত্যাখ্যান কৰিছোঁ। জুবিন গাৰ্গৰ কি স্মৃতিচাৰণ সম্ভৱ? তাক যদি আমি স্মৃতি বুলি মানি লওঁ, এদিন দেখোন সি বিস্মৃত হৈ যাবগৈ। নামানো। নকৰোঁ স্মৃতিচাৰণ। মনৰ পৰা কেতিয়াও মানি নলওঁ। আপোনালোকে মোক বেয়া নাপাব। আপোনালোকে মোক সৰুৰ পৰা পাইছে। কিন্তু টিভিত জুবিন মোৰ বাবে কি হয় তাৰ সাক্ষ্য দিব মই সদ্যহতে নোৱাৰিম।
কিন্তু ন্যায় পাব লাগিব। বৌৱে, মমন বাহঁতে, পৰিয়ালটোৱে, আৰু অসম নামৰ তাৰ এই ঘৰখনে জানিব লাগিব – কি ঘটিছিল তাত। তাৰ বাবে তদন্ত চলিছে। বৌ আৰু মমনবাই ৰাজহুৱাকৈ মন্তব্য দিছে। বৌ আৰু মমনবাৰ কথাত মোৰ যোগ বিয়োগ কৰিবলগীয়া নাই। যিকেইটা শব্দ উচ্চাৰণ কৰিছে, দাঢ়ি-কমাৰ সৈতে সেইখিনিয়েই কথা।

আমাৰ নিজৰ মাজত কাজিয়া নকৰিব
তাৰ ঘটনাটোৱে আমাৰ জাতিটোক বৰ ডাঙৰ শক্তি এটা দি থৈ গ’ল। দশকৰ পাছত দশক ধৰি আমাৰ জাতিটো পৰিচয়ৰ শংকাত ভুগি আহিছোঁ। জাতি হিচাপে আমি এক হোৱাৰ কোনো কাৰণেই নাছিল আমাৰ হাতত। সি আমাক এটা দুখ দিলে, collective melancholia এটা দিলে – সেই দুখতেই আমি আটাইবোৰ আকৌ লগ খালোঁ। সাম্প্ৰতিক ইতিহাসত অসমীয়া জাতীয় চেতনাক জীপাল কৰিব পৰাকৈ ইমান শক্তিশালী কোনো উমৈহতীয়া আৱেগ নাছিল। ইয়াতকৈ বেছি সি আৰু কি দিব পাৰে আমাক?
বিনিময়ত তাক আমি অকমাণ শান্তি দিওঁ আহক। বহুত মৰম পালে সি, বহুত সন্মান পালে। কিন্তু শান্তিৰ ক্ষেত্ৰত সি অলপ অভাৱী হৈ ৰ’ল। নীৰৱতা বৰ ভাল পায় সি। আমি বহুত হুলস্থূল কৰিছোঁ। সি চাগে গাৰুটোৰে মূৰটো মেৰিয়াই চটফটাই আছে শুব নোৱাৰি।
আমি অলপ শান্ত হওঁ আহক। প্ৰতিটো কথা কোনোবা ৰাজনীতিবিদক সুধিবই লাগিব নেকি? সুধিলেহে ক’ব। নুসুধিব। সি তেওঁলোকক পাপৰ বুলিয়েই ভাবিছিল। মাত্ৰ অলপ সময় পাপৰবোৰক গুৰুত্ব দিবলৈ বাদ দিয়ক। পাপৰহে – নিজেই সেমেকি যাব।
বৌকো আমনি নকৰাকৈ থাকোঁ আহক। বৰ কষ্ট পাইছে। বৌৱে কষ্ট পালে সি বৰ দুখ পায়।
অসমীয়া ভাষাৰ দমটোক, জোৰটোক সি প্ৰমাণ কৰি দিলে। হলীউদ বলীউদ নহয় – মাতৃভাষাত গান গোৱা মানুহ সি। মাতৃভাষাৰ শক্তি দেখুৱাই দিলে। সেইটো সন্মান কৰোঁ আহক। ভাষাটোক মৰম কৰোঁ।
আমাৰ নিজৰ মাজত কাজিয়া নকৰিব। আজি বুলিয়েই নহয় – কেতিয়াও। আমি হিন্দু মুছলমান কোচ কছাৰী পুৰুষ মহিলা নহয়, আমি মানুহ আৰু জন্তু নহয়, আমি গছ আৰু নদী নহয় – আমি অসম, আমি জুবিনৰ ঘৰ। আমি এটা পৰিয়ালৰ দৰে নাথাকিলে তাৰ এখন ঘৰ নাথাকিব।
তাক ঘৰ এখনো কি আমি দিব নোৱাৰিম?”

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

two × one =

Back to top button