‘অসমীয়া শিপিনীয়ে তাঁতশালত সপোন ৰচে’, তাঁতৰ বিহুৰ দিনাই বছৰটোলৈ সাজু শিপিনী…
বহাগ বিহুৰ চতুৰ্থ দিনটোক 'তাঁতৰ বিহু' হিচাপে পালন কৰা হয়। নতুন বছৰৰ বাবে শিপিনীসকলে সাজু কৰে তাঁতশাল।
‘অতিকৈ চেনেহৰ মুগাৰে মহুৰা
তাতোকৈ চেনেহৰ মাকো
তাতোকৈ চেনেহৰ বহাগৰ বিহুটি
নানাচি কেনেকৈ থাকো’
আজি তাঁতৰ বিহু। ৰাজ্যজুৰি অব্যাহত ৰঙালীৰ ৰং-ৰহইচ। উজনিৰ পৰা নামনিলৈ ৰঙালীৰ উছাহ-উদ্দীপনা। ঢোল-পেঁপাৰ মাতত ৰজনজনাইছে চৌদিশ। ৰঙালীৰ ৰঙত উবুৰি খাই পৰিছে প্ৰতিজন অসমীয়া। আজি তাঁতশালত চাকি-বন্তি জ্বলাই সেৱা শিপিনীৰ। অসমীয়া জনজীৱনৰ এক অনবদ্য সম্পদ হৈছে তাঁতশালখন। গাঁৱৰ সমাজত প্ৰতিঘৰ মানুহতে একোখনকৈ তাঁতশাল দেখা পোৱা যায়। যদিও সময়ৰ সোঁতত বৰ্তমান অসমীয়া মানুহৰ ঘৰৰ পৰা তাঁতশালখন হেৰাই যোৱা দেখা গৈছে, তথাপি এতিয়াও বহুতৰে ঘৰ শুৱনি কৰি ৰাখিছে তাঁতশালখনে।
জাতিৰ পিতা মহাত্মা গান্ধীয়ে অসম ভ্ৰমণলৈ আহোতে অসমীয়া শিপিনীৰ তাঁতশালত ফুল তোলা দেখি আচৰিত হৈ কৈছিল– ‘অসমীয়া শিপিনীয়ে তাঁতশালত সপোন ৰচে’। সঁচায়ে অসমীয়া শিপিনীয়ে গামোচাত তোলা ফুলে দৃষ্টি কাঢ়ে সকলোৰে। অসমীয়া শিপিনীয়ে নিজ হাতে বোৱা কাপোৰখন হৈছে অসমীয়াৰ জনজীৱনৰ প্ৰতিফলন।
প্ৰতিঘৰ অসমীয়াৰ ঘৰ শুৱনি কৰে তাঁতশালখনে। বহাগ বিহুৰ চতুৰ্থ দিনটোক ‘তাঁতৰ বিহু’ হিচাপে পালন কৰা হয়। নতুন বছৰৰ বাবে শিপিনীসকলে সাজু কৰে তাঁতশাল।