দুৰ্ঘটনা

নিয়ন্ত্ৰণ হেৰুৱাই আকাশৰ পৰা খহি পৰিল যাত্ৰীবাহী বিমান, ভয়ংকৰ জুইয়ে আৱৰিলে চৌপাশ…

সংঘৰ্ষ হোৱাৰ পাছত বিমানখনৰ ৰাডাৰ সংযোগ বিচ্ছিন্ন হৈ যায়। দুৰ্ঘটনাৰ পিছৰে পৰা উদ্ধাৰ অভিযান অব্যাহত আছে যদিও কোনো লোকেই জীৱিত হৈ থকাৰ কোনো প্ৰমাণ পোৱা নাই।

চীনত ভয়ংকৰ বিমান দুৰ্ঘটনা। দুৰ্ঘটনাত পতিত হ’ল এখন যাত্ৰীবাহী বিমান। সোমবাৰে দক্ষিণ চীনত আকাশৰ পৰা খহি পৰ্বতত খুন্দা মাৰে এখন বিমানে।

চীনৰ কুনমিং চহৰৰ পৰা গোৱাঝৌলৈ উৰি যোৱাৰ পথত নিয়ন্ত্ৰীণ হৈ পৰে Boeing 737 বিমানখন। ১৩২জন যাত্ৰী কঢ়িয়াই নিছিল এই বিমানখনে। বিমানখনে ওঝৌ চহৰৰ পৰ্বতত দুৰ্ঘটনাত পতিত হোৱাৰ পিছতে অগ্নিৰ সূত্ৰপাত হয়। এক বৃহৎ অঞ্চল আগুৰি ধৰে জুইৰ লেলিহান শিখাই।

 

Mu5735 বিমানখনে তীব্ৰবেগেৰে গৈ পাহাৰত খুন্দা মাৰে। বিমানখনে ২.১৫ মিনিটত ২৯,১০০ ফুটৰ পৰা ৯,০৭৫ ফুটলৈ নামি আহে। সংঘৰ্ষ হোৱাৰ পাছত বিমানখনৰ ৰাডাৰ সংযোগ বিচ্ছিন্ন হৈ যায়। দুৰ্ঘটনাৰ পিছৰে পৰা উদ্ধাৰ অভিযান অব্যাহত আছে যদিও কোনো লোকেই জীৱিত হৈ থকাৰ কোনো প্ৰমাণ পোৱা নাই।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

nine + sixteen =

Back to top button