সমগ্ৰ দেশ কঁপোৱা অভিশপ্ত মুম্বাই সন্ত্ৰাসৰ ১৩ টা বছৰ। পাকিস্তানৰ সন্ত্ৰাসবাদী সংগঠন লস্কৰ-ই-তৈবাৰ বোমা বিস্ফোৰণে কঁপাইছিল সমগ্ৰ দেশ। মুম্বাইৰ বিভিন্ন ঠাইত ধাৰাবাহিক বোমা বিস্ফোৰণত প্ৰাণ হেৰুৱাইছিল শ-শ নিৰীহ জনতাই।

মুম্বাইৰ ক’লা দিনঃ
২০০৮ চনৰ ২৬ নৱেম্বৰত সন্ত্ৰাসবাদীৰ আক্ৰমণৰ বলি হৈছিল মায়ানগৰী মুম্বাই। লস্কৰ-ই-তৈবাৰ ১০ সন্ত্ৰাসবাদীয়ে মুম্বাই মহানগৰীৰ ছত্ৰপতি শিবাজী মহাৰাজ তাৰমিনাছ, তাজ হোটেল, ত্ৰিডেন্ট হোটেল, নাৰীমন হাউছ, লিওপাৰ্ড কেফে, কামা হাস্পতালত বোমা বিস্ফোৰণ ঘটাইছিল।

এই ধাৰাবাহিক বোমা বিস্ফোৰণত প্ৰাণ হেৰুৱাইছিল ১৬৫ জন নিৰীহ জনতাই।
বিস্ফোৰণৰ আঁৰত কোন আছিল?
দেশ কঁপোৱা মুম্বাই বিস্ফোৰণৰ আঁৰত আছিল পাকিস্তানৰ সন্ত্ৰাসবাদী গোট লস্কৰ-ই-তৈবা। লস্কৰ-ই-তৈবাৰ ১০ সন্ত্ৰাসবাদীয়ে বিস্ফোৰণ ঘটাইছিল মুম্বাইৰ ভিন্ন স্থানত। মুম্বাইত বিস্ফোৰণ হোৱাৰ দিনাই কৰায়ত্ত কৰা হৈছিল বিস্ফোৰণ ঘটোৱা পাকিস্তানী সন্ত্ৰাসবাদী আজমল কাচাবক।

৮১ দিনৰ বাবে জেৰা কৰা হৈছিল কাচাবক। জেৰাৰ সময়তে কাচাবে স্বীকাৰ কৰে পাকিস্তানৰ পূৰ্ব পৰিকল্পনাত মুম্বাইৰ এই ভয়ানক বোমা বিস্ফোৰণ সংঘটিত কৰাৰ কথা। পৰৱৰ্তী সময়ত ২৬/১১ আক্ৰমণৰ লগত জড়িত থকাৰ অপৰাধত মুম্বাই উচ্চ ন্যায়ালয় আৰু উচ্চতম ন্যায়ালয়ে মৃত্যুদণ্ড বিহাৰ নিৰ্দেশ দিয়ে। সেই মৰ্মে ২০১২ চনৰ ২১ নৱেম্বৰত মৃত্যুদণ্ড বিহা হৈছিল কাচাবক।
মুম্বাইৰ ভয়ানক বিস্ফোৰণ সংঘটিত হোৱাৰ ১৩ বছৰ পাৰ হ’ল। তথাপি দেশবাসীয়ে আজিও পাহৰিব পৰা নাই পাকিস্তানৰ এই ভয়াবহ আক্ৰমণ।





