অসমগুৱাহাটীদৈনিক বাতৰিপৰিৱেশ
Trending

নদীৰ পৰা নৰ্দমালৈ… ভৰলুক হ/ত্যা কৰিলে কোনে ?

এতিয়া বহুতৰে বাবে অপেন ড্ৰেইন' হিচাপে পৰিগণিত হৈ পৰিছে ভৰলু নদী

ডিব্ৰুগড়ৰ পৰা গুৱাহাটীলৈ প্ৰায় ১০, ১২ ঘণ্টাজোৰা যাত্ৰা অতিক্ৰম কৰাৰ পিছত অৱশেষত আহি গুৱাহাটী পালোহি। গুৱাহাটী পোৱাৰ পিছতেই এটা ডাঙৰ কাম আছিল ভাৰাঘৰ বিচৰা। পুৱাৰ ভাগৰ পৰাই ২ ,৩ ঘণ্টা ঘুৰা ফুৰা কৰাৰ পিছত অৱশেষত এটা ভাৰাঘৰ বিচাৰি পালোঁ। ভাৰাঘৰ টোত এটা ৰাতি কটোৱা পিছত ৰাতিপুৱাই যেতিয়া খিৰিকী খন খুলি দিলোঁ এক অসহ্যকৰ লেতেৰা গোন্ধ। খিৰিকী খনৰ ফাঁকেৰে জুমি চাই দেখিলোঁ যে এটা ড্ৰেইন সদৃশ নলা কেৱল আছিল প্লাষ্টিক আৰু আৱৰ্জনা। খিৰিকী খন বন্ধ কৰি অলপ সময় মোবাইল টো খুচৰি থকাৰ পিছতেই গম পালোঁ যে সেইখন হৈছে গুৱাহাটী মহানগৰীৰ মাজেৰে বৈ যোৱা ভৰলু নদী। মনত এটি ডাঙৰ প্ৰশ্ন মহানগৰ খনৰ আকৰ্ষণ বৃদ্ধি কৰিব পৰা ইমান এখন ধুনীয়া নদী কিয় ড্ৰেইন ৰূপ ললেগৈ ইয়াৰ বাবে দায়ী কোন? মহানগৰ খনত বাস কৰা বাসিন্দা সকল ? কিয় আজিও সজাগ হোৱা নাই মানুহবোৰ?

আৱৰ্জনাই আৱৰি ধৰিছে গুৱাহাটী মহানগৰ কিয় অসমৰ আটাইতকৈ প্ৰদূষিত নদীসমূহৰ ভিতৰত ভৰলু নদী অন্যতম হৈ পৰিছে, আৰু ইয়াৰ দূৰ্গন্ধৰ বাবেও পৰিচিত হয় পৰিছে। এতিয়া বহুতৰে বাবে অপেন ড্ৰেইন’ হিচাপে পৰিগণিত হৈ পৰিছে ভৰলু। যিখন নদী ব্ৰহ্মপুত্ৰৰ এখনি দক্ষিণবাহিনী উপনৈ। ভৰলু নৈ মেঘালয়ৰ খাচী পাহাৰত উৎপত্তি হৈ কামৰূপ মহানগৰ জিলাৰে অসমত প্ৰৱেশ কৰিছে। অসমত প্ৰৱেশ কৰাৰ পিছত গুৱাহাটী মহানগৰৰ মাজেৰে বৈ গৈ ভৰলুমুখত ব্ৰহ্মপুত্ৰ নদীত পৰিছে। ভৰলু নদী অসমৰ আটাইতকৈ প্ৰদূষিত নদীসমূহৰ ভিতৰত পৰিচিত হৈ পৰিছে। নদীখনৰ ওচৰে পাছৰে থকা মানুহ বোৰে নিজৰ ঘৰৰ খিৰিকী খন খুলিবলৈও ১০ বাৰ চিন্তা কৰিব লগীয়া হয়।  মুকলি আকশৰ তলত বহি এজাক বতাহ উপভোগ কৰিবলৈ বিচাৰিলেও নদী খণৰ পৰা ওলোৱা দুৰ্গন্ধহে উপভোগ কৰিব লাগে। উল্লেখযোগ্য যে নদীখনত আগৰে পৰা পলিথিন পেলনীয়া আৱৰ্জনা সমূহ পেলাই ড্ৰেইন ৰূপ দিছে। কেৱল মাত্ৰ প্লাষ্টিক আৰ্জনাৰে ভৰিছে ভৰলু বুকু ইয়াৰ ফলত বৃদ্ধি পাইছে মহ ।

এজন বিদেশী পৰ্যটকৰ ভিডিঅ’ৱে  পুনৰবাৰ নদীখনৰ দুৰাৱস্থা পোহৰলৈ আনিছে, যাৰ ফলত স্থানীয় লোকৰ ক্ষোভ বাঢ়িছে। নদীখন পৰিষ্কাৰ কৰাৰ বাবে প্ৰতি বছৰে কোটি কোটি টকা ব্যয় কৰা হয় যদিও এই ধনৰ উচিত ব্যৱহাৰ সন্দৰ্ভত প্ৰশ্ন উত্থাপিত হৈ আহিছে, আৰু নদীখন এতিয়াও প্ৰদূষণৰ কবলত। ঠাই এ ঠাই এ পৰ্যাপ্ত পৰিমাণৰ ডাষ্টবিনৰ ব্যৱস্থা থকাৰ পিছতো কিয় মানুহবোৰে এই ডাষ্টবিনৰ উপযুক্ত ব্যৱহাৰ কৰা নাই।

কিয় আমি আমাৰ প্ৰাকৃতিক সম্পদ সমূহ সংৰক্ষণ কৰাত ব্যৰ্থ হৈছো।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

four × 3 =

Back to top button