লখিমপুৰ শিক্ষা খণ্ডৰ প্ৰশংসনীয় পদক্ষেপ। ছাত্ৰ ছাত্ৰীৰ ঘৰে ঘৰে মাক্স, প্ৰশ্ন কাকত বিতৰণৰ লগতে কৰ’না ভাইৰাছৰ ওপৰত সজাগতা বৃদ্ধি অভিযান।
গ্ৰীষ্মকালীন বন্ধৰ দিনকেইটাত, কৰ’না ভাইৰাছৰ আতংকৰ সময়ত ছাত্র -ছাত্ৰী সকলৰ শৈক্ষিক উত্তৰণৰ প্ৰতি লক্ষ্য ৰাখি লখিমপুৰ খণ্ডশিক্ষা বিষয়া সৌৰভ বৰফুকনে খণ্ডৰ বিভিন্ন বিদ্যালয় সমূহৰ কিছু ছাত্ৰ-ছাত্ৰীৰ মাজত ঘৰে ঘৰে গৈ মাৰ্ক্স বিতৰণ কৰাৰ লগতে গৃহকাৰ্যৰ বাবে প্ৰশ্নকাকত প্ৰদান কৰাৰ উপৰিও ক’ভিড মহামাৰী সম্পৰ্কে সজাগতা সৃষ্টি কৰাৰ প্ৰয়াস কৰি আহিছে ।
আজি লখিমপুৰ জিলাৰ যোৰহটীয়া গোহাঁই গাওঁ প্ৰাৰ্থমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ ঘৰে ঘৰে গৈ মাক্স বিতৰণ কৰাৰ লগতে প্ৰশ্নকাকত প্ৰদান কাৰাৰ উপৰিও ক’ভিডৰ সম্পৰ্কে সজাগতা সৃষ্টি কৰে।