অসমগুৱাহাটীদৈনিক বাতৰিভাৰতৰাজনৈতিক

১৪ এপ্ৰিলত এদিনীয়া ভ্ৰমণসূচীৰে গুৱাহাটীত উপস্থিত হ’ব প্ৰধানমন্ত্ৰী

পুৱা ১১:৩০ বজাত বৰঝাৰ বিমান বন্দৰত উপস্থিত হ’ব

বিমান বন্দৰৰ পৰা পোনে পোনে হেলিকপ্টাৰেৰে চাংসাৰীৰ এইমচলৈ ৰাওনা হ’ব

এইমচৰ ৮৫ শতাংশ কাম সম্পূৰ্ণ হৈছে

৭৫০ খন বিচনাযুক্ত হ’ব চিকিৎসালয়খন

নলবাৰী,নগাঁও আৰু কোকৰাঝাৰ মেডিকেল কলেজ প্ৰধানমন্ত্ৰীয়ে এইমচ চৌহদৰ পৰাই আভাসীয় ভাৱে উদ্বোধন কৰিব

তিনিওখন মেডিকেল কলেজ ৫০০ খন বিচনাযুক্ত হ’ব

IIT গুৱাহাটী আৰু অসম চৰকাৰৰ মাজত হোৱা চুক্তি অনুসৰি IIT গুৱাহাটী চৌহদত গৱেষণামূলক মাল্টিস্পেচিয়েলিটি হাস্পতাল নিৰ্মাণ হ’ব

এই প্ৰতিষ্ঠানৰো আধাৰশিলা প্ৰধানমন্ত্ৰীয়ে স্থাপন কৰিব

IIT গুৱাহাটীৰ কাৰ্যসূচী সামৰণি মাৰি খানাপাৰাত উপস্থিত হৈ পোনে পোনে কলাক্ষেত্ৰলৈ যাব প্ৰধানমন্ত্ৰী

কলাক্ষেত্ৰত অংশ ল’ব গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মহাৰজত জয়ন্তীৰ কাৰ্যসূচীত

তাৰ পৰা কিছু সময় কইনাধৰাৰ ৰাজ্যিক অতিথিশালাত অতিবাহিত কৰিব

বিয়লি ৪:৩০ বজাত সৰুসজাইলৈ যাব প্ৰধানমন্ত্ৰী

৪:৪৫ বজাত সৰুসজাইত অনুষ্ঠান আৰম্ভ হ’ব

সৰুসজাইত তিনিটা প্ৰকল্প শুভাৰম্ভ কৰিব

নামৰূপত OIL INDIA আৰু অসম চৰকাৰৰ যৌথ উদ্যোগত নিৰ্মাণ কৰা মিথানেল প্ৰকল্প শুভাৰম্ভ কৰিব প্ৰধানমন্ত্ৰীজনে

এই প্ৰকল্পৰ ৫১ শতাংশ ব্যয় ৰাজ্য চৰকাৰৰ আৰু ৪৯ শতাংশ ব্যয় অইল ইণ্ডিয়াই কৰিব

ইয়াৰ পিছতেই শিৱসাগৰৰ ৰংঘৰৰ সৌন্দৰ্যবৰ্ধনৰ এখন আঁচনি সৰুসজাইৰ পৰা শুভাৰম্ভ কৰিব

এই প্ৰকল্পৰ নিবিদা প্ৰক্ৰিয়া ১৪ এপ্ৰিলৰ ভিতৰত সমাপ্ত হ’ব

ইয়াৰ পিছতেই প্ৰধানমন্ত্ৰীয়ে ব্ৰহ্মপুত্ৰৰ ওপৰত পলাশবাৰী-শুৱালকুছি সংযোগী দলঙৰ আধাৰশিলা স্থাপন কৰিব

এই দলঙত ব্যয় হ’ব মুঠ ৩,১৯৭ হাজাৰ কোটি টকা

গুৱাহাটী-উত্তৰ গুৱাহাটীৰ দলঙৰ কাম চলিত বিত্তীয় বৰ্ষৰ ভিতৰতে সমাপ্ত হ’ব

এই সকলো কাৰ্যসূচী শেষ কৰি ১১,০১০ গৰাকী বিহুৱা-বিহুৱতীৰ মূল কাৰ্যসূচী আৰম্ভ হ’ব

১০ এপ্ৰিলত সকলো বিহুৱা-বিহুৱতী গুৱাহাটীত আহি পাব

১১ আৰু ১২ এপ্ৰিলত সৰুসজাইত মূল আখৰা হ’ব

প্ৰধানমন্ত্ৰীৰ সন্মুখত ১৫ মিনিট বিহু প্ৰদৰ্শন কৰা হ’ব

এই কাৰ্যসূচীৰ অন্ত পেলাই প্ৰধানমন্ত্ৰী নতুন দিল্লীলৈ ৰাওনা হ’ব

১১ৰ পৰা ১৩ তাৰিখৰ ভিতৰত সৰুসজাই ষ্টেডিয়ামৰ অনুষ্ঠানৰ বাবে প্ৰৱেশ পত্ৰ দিয়া হ’ব

প্ৰায় ১০ হাজাৰ প্ৰৱেশ পত্ৰৰ ব্যৱস্থা কৰিছে ৰাজ্য চৰকাৰে

বিহুৱা-বিহুৱতীৰ বাবে কামৰূপ জিলা প্ৰশাসনে হোটেলত থকাৰ ব্যৱস্থা কৰিছে

স্বাস্থ্য,খোৱা-বোৱা সকলো ব্যৱস্থাৰ ব্যয় ৰাজ্য চৰকাৰে কৰিব

১৪ এপ্ৰিলৰ দিনটোত যান-বাহনৰ চলাচলৰ ক্ষেত্ৰত কিছু অসুবিধা হ’ব

গুৱাহাটীলৈ অহা ট্ৰাকসমূহ বাইহাটা চাৰিআলিতে অপেক্ষা কৰিব লাগিব,উজনিলৈ যাবলগীয়া ট্ৰাকসমূহ মঙ্গলদৈ হৈ পঠিওৱা হ’ব

লঘু তথা ব্যক্তিগত যান-বাহনৰ চলাচল অব্যাহত থাকিব

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

5 + thirteen =

Check Also
Close
Back to top button