AssamCrimeleatest update

শ্যামকানুৰ ১৭২ পৃষ্ঠাৰ লেখ আবেদনত কি কি?

অসমৰ CID, SITৰ তদন্তত বিশ্বাস নাই শ্যামকানুৰ

SCত শ্যামকানু মহন্তৰ লেখ আবেদন। মালেছিয়াৰ পৰা শ্যামকানুৱে কৰিছিল লেখ আবেদন। শ্যামকানুৰ ১৭২ পৃষ্ঠাৰ লেখ আবেদনত কি কি? অসমৰ CID, SITৰ তদন্তত বিশ্বাস নাই শ্যামকানুৰ। তদন্ত CBI, NIAলৈ হস্তান্তৰ বিচাৰিছিল শ্যামকানুৱে। ছিংগাপুৰৰ পৰা অধিবক্তাৰ জৰিয়তে কৰিছিল এই আবেদন। গণৰোষৰ আশংকাত পৰাৰ ভয় আছিল শ্যামকানুৰ। সংবাদ মাধ্যমকহে দোষাৰোপ শ্যামকানু মহন্তৰ। ছ’চিয়েল মিডিয়াকো দোষাৰোপ শ্যামকানু মহন্তৰ।

আবেদনত ৰাজ্যত পূৰ্বে সংঘটিত কেইবাটাও ঘটনাৰ কথা উল্লেখ কৰিছে শ্যামকানুৱে। পত্নীসহ কন্যাৰ সুৰক্ষাৰ কথাও উল্লেখ লেখ আবেদনত। নিজকে উদ্যোগী বুলি দাবী কৰিছিল শ্যামকানুৱে।
আবেদনত শ্যামকানুৱে সন্নিবিষ্ট কৰিছে মুখ্যমন্ত্ৰী X হেণ্ডেলৰ স্ক্ৰীণশ্বট। মুখ্যমন্ত্ৰীয়ে নেতিবাচক মন্তব্য কৰা বুলি উল্লেখ আবেদনত।

মিডিয়া ট্ৰায়েলৰ বাবে বলিৰ পঠা হোৱা বুলি উল্লেখ কৰিছে আবেদনত। জীৱন-জীৱিকাৰ অধিকাৰ ভংগ হোৱাৰ অভিযোগ শ্যামকানুৰ।ৰাজ্যিক সংস্থাসমূহে তেওঁৰ বিৰুদ্ধে বৃহৎ ষড়যন্ত্ৰ কৰাৰ অভিযোগ। জুবিন গাৰ্গ অসুস্থ আছিল বুলি উল্লেখ লেখ আবেদনত। জুবিনৰ পূৰ্বৰ অসুস্থতাৰ কথাও উল্লেখ কৰিলে আবেদনত।

ডিব্ৰুগড়ত হোৱা চিজাৰ এটেকৰ কথাও উল্লেখ কৰিছে লেখ আবেদনত। আবেদনৰ পৃষ্ঠাই পৃষ্ঠাই আত্মৰক্ষাৰ চেষ্টা শ্যামকানুৰ। ভাৰতীয় সময় অনুসৰি দিনৰ ১ বজাত খবৰ পাইছিল জুবিনৰ মৃত্যুৰ। শ্যামকানুক সিদ্ধাৰ্থই জনাইছিল জুবিনৰ মৃত্যুৰ খবৰ। আনকি সুশান্ত সিং ৰাজপুতৰ প্ৰসংগও টানি আনিলে শ্যামকানুৱে। ৰিয়া চক্ৰৱৰ্তী, বিহাৰ চৰকাৰৰ প্ৰসংগও উল্লেখ লেখ আবেদনত।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

four × three =

Back to top button