CricketIPLSportsখেল

প্ৰশিক্ষকৰ অৱদান, খুড়াকৰ সমৰ্থন…IPL-এ বিচাৰি পালে নতুন তাৰকা

ক্ৰিকেটাৰ অনিকেত বাৰ্মাৰ জীৱন সংগ্ৰাম

প্ৰত্যাহ্বানৰ ধুমুহা নেওচি জীৱন যুদ্ধত জয়ী হোৱা এগৰাকী নায়ক তেওঁ। মাতৃৰ বিয়োগ, পিতৃৰ বঞ্চনা! তাৰ পিছত সলনি হৈছিল সকলো। আঁৰত আছিল আছিল দুগৰাকী মানৱৰূপী ভগৱান। আই পি এল এনে এখন মঞ্চ য’ত বহু ক্ৰিকেট খেলুৱৈয়ে নিজৰ সপোনক বাস্তৱত পৰিণত কৰাৰ সুযোগ লাভ কৰে। প্ৰতি বছৰে ইয়াত নতুন নতুন মুখ দেখিবলৈ পোৱা যায় যদিও কিছুমান কাহিনী সঁচাকৈয়ে হৃদয়স্পৰ্শী। তেনে এটা কাহিনীয়েই পোহৰলৈ আহিছিল আই পি এল ২০২৬ৰ উদ্বোধনী মেচত। কিন্তু তেওঁৰ সংগ্ৰাম আছিল কিছু পৃথক। ১৫ বছৰীয়া খুড়াকৰ সৈতে ওলাই গৈছিল ঘৰৰ পৰা। সেই সাধাৰণ ল’ৰাজনে এতিয়া জয় কৰিছে হাজাৰজনৰ হৃদয়।

ইয়াত আমি ছানৰাইজাৰ্ছ হায়দৰাবাদৰ যুৱ প্ৰতিভা অনিকেত বাৰ্মাৰ কথা ক’বলৈ বিচাৰিছো। যিয়ে মাত্ৰ ১৮টা ডেলিভাৰীত ৪৩ ৰানৰ বিস্ফোৰক প্ৰদৰ্শন আগবঢ়াই আৰচিবিৰ বিৰুদ্ধে খেলখনত চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছিল। এই চমু অথচ প্ৰভাৱশালী ইনিংছে মেচখনৰ দিশ সলাই পেলাইছিল। উল্লেখ্য যে, আই পি এল ২০২৫ৰ নিলামৰ সময়ত ছানৰাইজাৰ্ছ হায়দৰাবাদে অনিকেত বাৰ্মাক ৩০ লাখ টকাত ক্ৰয় কৰিছিল। ২৪ বছৰীয়া এই বেটছমেনে হাৰ্দিক পাণ্ডিয়াক নিজৰ আদৰ্শ হিচাপে গণ্য কৰে আৰু তেওঁৰ দৰেই মেচ ফিনিছিঙৰ কলাক আয়ত্ব কৰাৰ দিশে আগবাঢ়িছে।

আই পি এল ২০২৬ৰ উদ্বোধনী খেলখনতসকলোৰে দৃষ্টি বিৰাট কোহলীৰ দৰে কিংবদন্তিৰ ওপৰত নিবদ্ধ আছিল। কিন্তু তাৰ মাজতে অনিকেত বাৰ্মাই দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয়। মাত্ৰ ১৮টা বলত ৪৩ ৰান সংগ্ৰহ কৰি আৰচিবিৰ বিৰুদ্ধে খেলখনৰ দিশ সলনি কৰে অনিকেতে। এই চুটি কিন্তু বিস্ফোৰক ইনিংছটোত তেওঁ কোবোৱা চাৰিটা বিশাল ছয়ৰ বাবে শিৰোনাম দখল কৰিবলৈ সক্ষম হয়। এতিয়া জানো আহক: অনিকেত বাৰ্মা কোন?

অনিকেত বাৰ্মাৰ জীৱন সংগ্ৰাম

 

অনিকেতৰ জীৱনটো সকলোৱে দেখাৰ দৰে ইমান সহজ নাছিল। মাত্ৰ তিনি বছৰ বয়সতে তেওঁ মাকক হেৰুৱাইছিল। তাৰ পিছত পিতৃৰ দ্বিতীয় বিবাহ। এই মৰ্মান্তিক ঘটনাৰ পিছত তেওঁৰ খুড়াক অমিত বাৰ্মাই তেওঁক সহায় কৰিবলৈ আগবাঢ়ি আহিল। ইফালে আইতাকে তেওঁক ডাঙৰ-দীঘল কৰাৰ দায়িত্ব ল’লে। ঝান্সীৰ দৰে চহৰৰ পৰা অহা অনিকেতে যে তেওঁ এদিন ক্ৰিকেটত নিজৰ নাম উজলাই তুলিব সেয়া হয়তো তেওঁ নিজেই কাম্য কৰা নাছিল। তেওঁৰ কঠোৰ পৰিশ্ৰম আৰু সমৰ্পণে শেষত তেওঁক এই উল্লেখযোগ্য সফলাৰ দিশলৈ আগুৱাই লৈ যায়।

প্ৰথমে খুড়াকে তেওঁ ক্ৰিকেটাৰ হোৱাৰ সপোন দেখিছিল। কিন্তু কোনোমতে ৩ হাজাৰ টকাৰে ঘৰ চলাই থকা ১৮ বছৰীয়া অমিত বাৰ্মাৰ হাতত নাছিল অনিকেতক ক্ৰিকেট প্ৰশিক্ষণ দিবলৈ পৰ্যাপ্ত ধন। কিন্তু ভোপালত তেওঁৰ প্ৰশিক্ষক প্ৰকাশ ত্যাগীৰ অৱদানৰ ফলত সেই সপোন বাস্তৱায়িত হৈছিল। কোনো মাচুল নোলোৱাকৈ প্ৰশিক্ষণ দিছিল অনিকেতক। খুড়াকৰ মতে অনিকেতে প্ৰতিদিনে ঘণ্টাৰ পিছত ঘণ্টা ধৰি খেলপথাৰত অনুশীলন কৰিছিল। সীমিত বস্তুৰ লগতে আৰ্থিক প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাৰ পিছতো তেওঁ কেতিয়াও হাৰ মনা নাছিল। প্ৰায় ১৩ বছৰীয়া অদম্য পৰিশ্ৰম আৰু সংগ্ৰামৰ অন্তত অৱশেষত অনিকেতে স্বীকৃতি লাভ কৰিবলৈ ধৰিলে। অৱশ্যে এই যাত্ৰা সহজ নাছিল। কেতিয়াবা যদি তেওঁ দলত স্থান নিশ্চিত কৰাত ব্যৰ্থ হৈছিল আৰু কেতিয়াবা হতাশাৰ সন্মুখীন হৈছিল। তাৰ পিছত মধ্যপ্ৰদেশ লীগত সুযোগ লাভ কৰিলে। ভোপাল লিঅ’পাৰ্ডছৰ হৈ খেলি তেওঁ ৬ ইনিংছত ২৭৩ ৰান সংগ্ৰহ কৰে। এই মুহূৰ্তটোৱেই আছিল তেওঁৰ কেৰিয়াৰৰ এক নতুন দিশ।

পৰৱৰ্তী সময়ত আই পি এলৰ কেইবাটাও দলে তেওঁক ট্ৰায়েলৰ বাবে আমন্ত্ৰণ জনায়। ইয়াৰ ভিতৰত আছিল দিল্লী কেপিটেলছ, ছানৰাইজাৰ্ছ হায়দৰাবাদ আৰু লক্ষ্ণৌ ছুপাৰ জায়েন্টছ। শেষত ছানৰাইজাৰ্ছ হায়দৰাবাদে তেওঁক ৩০ লাখ টকাত চুক্তিবদ্ধ কৰে। আই পি এল ২০২৬ৰ প্ৰথমখন মেচত অনিকেত বাৰ্মাই নিজৰ প্ৰদৰ্শনেৰে সকলোকে আপ্লুত কৰিছিল। বিশেষকৈ আৰচিবিৰ বিৰুদ্ধে খেলখনত তেওঁৰ ইনিংছবোৰ চৰ্চাৰ বিষয় হৈ পৰিছিল।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

eleven + 8 =

Back to top button