মহানগৰীত চাঞ্চল্যকৰ ঘটনা। হাতীগাঁৱৰ পৰা অপহৰণ দুটিকৈ শিশু। মাক-দেউতাক ঘৰত নথকাৰ সময়তেই সংঘটিত হয় এই কাণ্ড।
অপহৰণ ১৩ বছৰীয়া ইছমাইৰা নাছম আৰু ৪ বছৰীয়া আতিফ নাছম। সিজুবাৰীৰ ১১ নং বাসগৃহৰ পৰা সন্ধানহীন দুয়োটি শিশু। পিতৃ-মাতৃ নথকাৰ সময়তেই সংঘটিত হোৱা ঘটনাটোৱে স্বাভাৱিকতে শংকিত কৰি তুলিছে আত্মীয় আৰু ওচৰ-চুবুৰীয়াক। উল্লেখ্য যে, কিছুদিন পূৰ্বে ঝাৰখণ্ডলৈ গৈছিল শিশু দুটিৰ মাতৃ।
ইতিমধ্যে, ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আৰম্ভ কৰিছে প্ৰাৰম্ভিক তদন্ত। অৱশ্য, শিশু দুটিক কোনে অপহৰণ কৰিলে সেয়া পৰৱৰ্তী সময়তহে পোহৰলৈ আহিব।