Assam

‘তোমাৰ নাম কি?’, মানে নো কি?

ৰাজ্যত এতিয়া ‘তোমাৰ নাম কি’ক লৈ তীব্ৰ ৰহস্য

“তোমাৰ নাম কি” অসমত চলি থকা টিজাৰ অভিযানক লৈ বাঢ়িছে কৌতুহল
গুৱাহাটীৰ লগতে অসমৰ প্ৰায় সকলো নগৰ-চহৰৰ লগতে ৰাজপথসমূহত শেহতীয়াকৈ দেখা গৈছে এখন বিশেষ হৰ্ডিং ৷ হৰ্ডিঙত লিখা আছে- ‘তোমাৰ নাম কি’ ৷ স্বাভাৱিকতে এই প্ৰচাৰে জনসাধাৰণৰ মনত সৃষ্টি কৰিছে কৌতুহলৰ ৷ দোকানে-পোহাৰে চৰ্চাৰ বিষয় হৈ পৰিছে এই ৰহস্যময় পোষ্টাৰ । কেৱল বিলবোৰ্ডেই নহয়, টিভিৰ পৰ্দা, ছ’ছিয়েল মিডিয়াতো দেখা গৈছে এই প্ৰচাৰৰ চৰ্চা। ৰঙা আৰু ক’লা ৰঙেৰে লিখা এই বাক্যাংশ অতি সহজ হোৱাৰ বাবেই বাঢ়িছে্ আকৰ্ষণ ৷ ইয়াৰ আঁৰৰ অৰ্থৰ সন্ধান চলিছে জনসাধাৰণৰ মাজত ৷

অভিযানৰ উপলব্ধি আৰু প্ৰভাৱ:
এই বিশেষ অভিযানে কেৱল গুৱাহাটী বা অসমৰ আন আন মুখ্য চহৰ আৰু সৰু সৰু চহৰসমূহতে সীমাবদ্ধ হৈ থকা নাই ৷ স্থানীয় ভাষাত প্ৰচাৰৰ একে ধৰণৰ সংস্কৰণ উত্তৰ-পূৱৰ অন্যন্য ৰাজ্যতো দেখা গৈছে ৷ গুৱাহাটীৰ বেলতলা তিনিআলি, জু- ৰোড ফ্লাইঅভাৰকে ধৰি প্ৰায় প্ৰতিটো গুৰুত্বপূৰ্ণ স্থানত উজলি আছে “তোমাৰ নাম কি?” শীৰ্ষক পোষ্টাৰ। টিভি, ছ’চিয়েল মিডিয়াৰ প্ৰায় প্ৰতিটো প্লেটফৰ্মত চলিছে এই প্ৰচাৰক লৈ বিভিন্ন জল্পনা-কল্পনা। বহুতে এই বিশেষ বাৰ্তাৰ ফটো আৰু ভিডিঅ’ শ্বেয়াৰ কৰি, বন্ধুবৰ্গক টেগ কৰিছে আৰু ইয়াৰ অৰ্থ কি হ’ব পাৰে সেই বিষয়ে নিজা নিজা মতপোষণ কৰি বিভিন্ন পোষ্ট কৰিছে। ছাত্ৰ-ছাত্ৰীৰ পৰা আৰম্ভ কৰি পেছাদাৰী লোক তথা গৃহিণীলৈকে সকলোৰে মাজত এতিয়া “তোমাৰ নাম কি?” বেনাৰৰ উদ্দেশ্যক লৈ চলিছে আলোচনা।

মাৰ্কেটিং জগতৰ এক মাষ্টাৰষ্ট্ৰোক “তোমাৰ নাম কি?”
বিশেষ অভিযানটোৰ সফলতাৰ মূলতে হৈছে ইয়াৰ সৰলতা আৰু সাৰ্বজনীনতা । “তোমাৰ নাম কি?” সকলোৰে মাজত অনুৰণন ঘটা এটা মৌলিক প্ৰশ্ন। নামহীনতা আৰু ব্ৰেণ্ডিঙৰ অভাৱে ইয়াৰ প্ৰতি কৌতুহল দুগুণে বৃদ্ধি কৰিছে ৷ যাৰ বাবে সৰ্বসাধাৰণৰ মাজত ই আলোচনাৰ এক বিশেষ বিষয় হৈ পৰিছে। বিপণন বিশেষজ্ঞসকলৰ বিশ্বাস, এই বিশেষ অভিযানটো হৈছে সফলতাৰ অন্যতম উদাহৰণ। স্থানীয় সংস্কৃতিৰ সৈতে প্ৰাসংগিক কৰি চলোৱা এই অভিযানে কেৱল কৌতুহলৰ সৃষ্টি কৰাই নহয়, অঞ্চলটোৰ লোকসকলৰ মাজত যোগাযোগৰ সেঁতুও গঢ়ি তুলিছে।

বিশেষ প্ৰকাশৰ ওপৰত জল্পনা-কল্পনা
বিশেষ টিজাৰ অভিযানৰ সৃষ্টি কৰোতাসকলে ইয়াৰ উদ্দেশ্য গোপন কৰি ৰখাৰ বিপৰীতে জনসাধাৰণে অনুমানৰ ভিত্তিত কৰা মন্তব্যৰে ভৰি পৰিছে বিভিন্ন প্লেটফৰ্ম। কাৰোবাৰ ধাৰণা, এয়া কোনো ডাঙৰ ব্ৰেণ্ডৰ নতুন পদক্ষেপ বা নতুন প্ৰডাক্ট মুকলিৰ পূৰ্বৰ প্ৰচাৰ ৷ আন কোনোৱে ভাবিছে এয়া কোনো চৰকাৰী কাৰ্যসূচী বা সামাজিক অভিযানৰ অংশ।
“এই ধৰণৰ টিজাৰ অভিযানে মানুহৰ মনত বিভিন্ন ধাৰণাৰ সৃষ্টি কৰে ৷ সেয়াই হৈছে এনে অভিযানৰ সফলতাৰ কাৰণ। বিজ্ঞাপন দিওতাসকলে বিচৰা ধৰণেৰেই এতিয়া সকলোৱে ইয়াক লৈ চৰ্চা অব্যাহত ৰাখিছে ৷ সেয়াই হৈছে এই অভিযানৰ সফলতা ৷ – মন্তব্য গুৱাহাটীৰ এজন জ্যেষ্ঠ বিজ্ঞাপন বিশেষজ্ঞৰ।

ইয়াৰ পিছত কি হ’ব?

এটা বিষয়ত কৌতুহল বাঢ়িলেই ইয়াৰ পিছত কি হ’ব সেয়া জানিবলৈ সকলো ৰৈ থাকে ৷ সেয়া যিয়েই নহওক, “তোমাৰ নাম কি?”– এই বিশেষ বাক্যটিয়ে জনসাধাৰণক আকৰ্ষণ কৰিবলৈ যে সক্ষম হৈছে, তাত কোনো সন্দেহ নাই ৷ সেয়ে এতিয়া অসমৰ আকাশে-বতাহে গুঞ্জৰিত হৈছে- “তোমাৰ নাম কি?”

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

2 × one =

Back to top button