‘মন গলেই লৰাবোৰক USE কৰে, ফ্ৰীজত কাটি ভৰাই দিয়ে’, গাৰ মাহ-হালধীৰ গোন্ধ মাৰ নৌযাওতেই স্বামীক এৰি প্ৰেমিকৰ লগত BMWত উঠি পলাল ন-বোৱাৰী
গাৰ মাহ-হালধীৰ গোন্ধ মাৰ নৌযাওতেই স্বামীক এৰি প্ৰেমিকৰ লগত BMWত উঠি পলাল ন-বোৱাৰী
তিতাবৰত পৰকিয়া প্ৰেমে ভাঙি থানবান কৰিলে এখন ঘৰ।টেক্সি গাড়ী নহয় এইবাৰ ন– বোৱাৰী পলাল বি এম ডব্লিউত বাইকত ৷ মাত্ৰ ৩৩ দিন স্বামীৰ ঘৰত থাকি প্ৰেমিকলৈ পলাই গ’ল ন বোৱাৰী৷ হালধি মাহৰ গোন্ধ জাবলৈ নৌ পাওতেই স্বামীৰ ঘৰৰ পৰাই পৰকীয়া প্ৰেমিকৰ BMW বাইকত উঠি পলাল বোৱাৰী ৷
ডিব্ৰুগড় আমোলাপট্টিৰ ৰেহনাজক ৰাণী কৰি আনিছিল তিতাবৰ মেলামাটিৰ ৰাজাই । প্ৰথম কেইদিনমান ঠিকেই আছিল । কিন্তু ৰাণীৰ মন নিমিলল ৰাজাৰ লগত । অৱশেষত পৰকিয়া প্ৰেমীক লক্ষীমপুৰৰ নিতাফ হুছেইনে তিতাবৰৰ স্বামী গৃহৰ পদূলিৰ পৰাই চিনেমাৰ ষ্টাইলত এখন বি এম ডব্লিউ মটৰচাইকেলত উঠাই লৈ গ‘ল ৰাজাৰ ৰাণীৰূপী ৰেহনাজক ৷
পৰকিয়া প্ৰেমিক প্ৰেমিকা BMW বাইকত উঠি গৈ থাকোতেই মৰিয়নিত আৰক্ষীয়ে আতক কৰে দুয়োকে।
দুয়োকে আতক কৰি সোধা পোচা অব্যাহত ৰাখিছে তিতাবৰ আৰক্ষীয়ে । ৰানীৰ ভৱিষ্যৎ এতিয়া এক ফুল দৌ মালি ৷ইফালে ৰাজাৰ মনত সোমাইছে ভয়,তেখেতৰ মতে ‘মন গলেই লৰাবোৰক USE কৰে, আজি-কালি ফ্ৰীজত কাটি ভৰাই দিয়ে।’