আন্তঃৰাষ্ট্ৰীয়

যুদ্ধ শেষ কৰিব বিচাৰিছে পুটিনে? কিন্তু ইউক্ৰেইনৰ সন্মুখত ৰাছিয়াই দিলে তিনিটা চৰ্ত…

ৰাছিয়াই তৃতীয় পৰ্যায়ৰ আলোচনাৰ আশা প্ৰকাশ কৰিছে। একে সময়তে, ইউক্ৰেইন চৰকাৰে এক যুক্তিসঙ্গত আৰু ইতিবাচক মনোভাৱ প্ৰদৰ্শন কৰিব বুলিও আশা কৰা হৈছে।

যুদ্ধ বিধ্বস্ত ইউক্ৰেইনত এতিয়াও অব্যাহত ৰাছিয়াৰ ইউক্ৰেইন দখলৰ যুঁজ। যদিও ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভলাডিমিৰ পুটিনে নিচেই কম সময়ৰ ভিতৰতে ইউক্ৰেইন দখল কৰাৰ চেষ্টা কৰিছিল, তথাপি ইউক্ৰেইনৰ সেনাবাহিনীৰ ওচৰত কিছু পৰিমাণে থমকিল ৰাছিয়ান সেনাৰ আগ্ৰাসী অভিযান। ইউক্ৰেইন-ৰাছিয়াৰ যুদ্ধৰ নৱম দিনটোতো ৰাছিয়াই অৱশ্যে ইউক্ৰেইনত যুঁজ অব্যাহত ৰাখিলেও ইউক্ৰেইনৰ সেনাৰ ৰূপ দেখি শান্তি আলোচনাৰ বাবে সংকেত দিলে পুটিনে।

 

আনকি ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনে ইউক্ৰেইনৰ চহৰৰ ওপৰত বোমা নিক্ষেপৰ কথাও অস্বীকাৰ কৰিছে। লগতে তেওঁ কৈছে যে, নাগৰিকৰ ওপৰত লক্ষ্য কৰি বোমা নিক্ষেপ কৰা নাই ৰাছিয়াই। অন্যহাতে, যদি তেওঁলোকৰ দাবী পূৰণ কৰা হয়, তেন্তে সংঘৰ্ষৰ মীমাংসা কৰিবলৈ সাজু ৰাছিয়া।

ইউক্ৰেইনৰ সন্মুখত ৰাছিয়াৰ দিছে তিনিটা বিশেষ চৰ্ত। নিৰপেক্ষ আৰু অ-পাৰমাণৱিক স্থিতিত থাকিব লাগিব ইউক্ৰেইন, ক্ৰিমিয়াক ৰাছিয়াৰ অংশ হিচাপে স্বীকৃতি দিয়া আৰু পূৱ ইউক্ৰেইনৰ বিচ্ছিন্নতাবাদী অঞ্চলসমূহৰ সাৰ্বভৌমত্ব ঘোষণা কৰা।

 

ইতিমধ্যে, ৰাছিয়াই তৃতীয় পৰ্যায়ৰ আলোচনাৰ আশা প্ৰকাশ কৰিছে। একে সময়তে, ইউক্ৰেইন চৰকাৰে এক যুক্তিসঙ্গত আৰু ইতিবাচক মনোভাৱ প্ৰদৰ্শন কৰিব বুলিও আশা কৰা হৈছে। কিয়েভৰ আলোচনাকাৰীসকলৰ মতে, দুয়োপক্ষৰ মাজত পৰৱৰ্তী পৰ্যায়ৰ আলোচনা হোৱাৰ সম্ভাৱনা আছে। এতিয়ালৈকে ইউক্ৰেইন আৰু ৰাছিয়াৰ মাজত দুটা পৰ্যায়ৰ আলোচনা অনুষ্ঠিত হৈছে যদিও এতিয়ালৈকে পূৰ্বৰ আলোচনাত এতিয়া পৰ্যন্ত কোনোধৰণৰ গুৰুত্বপূৰ্ণ ফলাফল পোৱা হোৱা নাই।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

seventeen + one =

Back to top button