জীৱনশৈলীপৰিৱেশপ্ৰাকৃতিক দুৰ্যোগবতৰশ্ৰীলংকা

বিগত‌ এপষেকত ঘূৰ্ণী বতাহে চলাইছে তাণ্ডৱ

বিস্তৰ ক্ষতি কৰিছে চুবুৰীয়া দেশ শ্ৰীলংকাৰ

প্ৰকৃতিৰ ৰোষত শ্ৰীলংকা। ঘূৰ্ণীবতাহ দিত্বাহে বিস্তৰ ক্ষতি কৰিছে চুবুৰীয়া দেশ শ্ৰীলংকাৰ। ঘূৰ্ণীবতাহৰ ফলত সৃষ্টি হোৱা বান আৰু ভূমিস্খলনৰ ফলত দ্বীপ ৰাষ্ট্ৰখনত মৃত্যু হোৱা লোকৰ সংখ্যা ৫৬ জনলৈ বৃদ্ধি পাইছে । আনহাতে ২১ জন লোক নিৰুদ্দেশ হৈ আছে। পৰিস্থিতি ইমানেই বিষম হৈছে যে প্ৰাণৰ সংশয়ত নাৰিকল গছত আশ্ৰয় লোৱা বন্যাৰ্তক উদ্ধাৰ কৰা হৈছে হেলিকাপ্টাৰেৰে। অকল ইমানেই নহয়, ঘৰৰ মুধচটো আশ্ৰয় লৈছে বহু বন্যাৰ্ত‌ই। ৰাষ্ট্ৰখনৰ দুৰ্যোগ ব্যৱস্থাপনা কেন্দ্ৰই প্ৰকাশ কৰা অনুসৰি, প্ৰতিকূল বতৰৰ পৰিস্থিতিয়ে দ্বীপটোত প্ৰভাৱ অব্যাহত ৰখাৰ ফলত বিগত ৭২ ঘণ্টাৰ ভিতৰত কমেও ৪৬ জন লোকৰ মৃত্যু হৈছে । ইফালে দুৰ্যোগ ব্যৱস্থাপনা বিষয়াসকলে জনোৱা মতে, প্ৰতিকূল বতৰৰ ফলত ১২,৩১৩টা পৰিয়ালৰ ৪৩,৯৯১ গৰাকী লোক ক্ষতিগ্ৰস্ত। ধাৰাসাৰ বৰষুণৰ বাবে প্ৰায়বোৰ জলাশয় আৰু নদী উফন্দি উঠাৰ ফলত বন্ধ হৈ পৰিছে বাট পথ লগতে ৰে’লৰ চলাচল। শেহতীয়া বান পৰিস্থিতিৰ বাবে বন্ধ বিদ্যালয়, কাৰ্যালয়। ভূমিস্খলনত মৃত্যু ৫৬ গৰাকী লোকৰ।

বতৰৰ পৰিস্থিতি অধিক বেয়া হোৱাৰ বাবে চৰকাৰে সকলো চৰকাৰী কাৰ্যালয় আৰু বিদ্যালয় বন্ধৰ কথাও ঘোষণা কৰিছে। শ্ৰীলংকাৰ প্ৰায়বোৰ নদীৰ জলস্তৰ বৃদ্ধি হোৱাৰ লগে লগে কেইবাটাও বান্ধৰ গেট খুলি দিব লগীয়া হৈছে। ইফালে শ্ৰীলংকাৰ ৰাজধানী কলম্বোৰ পৰা প্ৰায় ৩০০ কিলোমিটাৰ পূবে অৱস্থিত মধ্য পাহাৰীয়া চাহ খেতি কৰা অঞ্চল বাদুল্লা আৰু নুৱাৰা এলিয়াত বৃহস্পতিবাৰে ভূমিস্খলনত ২৫ জনতকৈ অধিক লোকৰ মৃত্যু হয়।  কেৱল শ্ৰীলংকা বুলিয়েই নহয় ইণ্ডোনেছিয়া, ফিলিপাইনছ, ভিয়েটনামত বিগত‌ এপষেকত ঘূৰ্ণী বতাহে চলাইছে তাণ্ডৱ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

16 − two =

Back to top button