Covid-19Educationঅসমস্বাস্থ্য

প্ৰায় ডেৰ বছৰৰ অন্তত খোল খাব বিদ্যালয়, কিন্তু বিদ্যালয়লৈ যাবলে মানিব লাগিব এইসমুহ নীতি-নিয়ম

ঘোষণা হ’ল নতুন SOP

প্ৰায় ডেৰটা বছৰৰ অন্তত খোল খাব বিদ্যালয়। চাফ-চিকুন কৰি শিক্ষাৰ্থীৰ বাবে সজাই তোলা হৈছে বিদ্যালয়সমুহ।

আজি ঘোষণা হ’ল নতুন SOP। স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই সংবাদমেলযোগে আজি ঘোষণা কৰে SOP। সেই অনুসৰি স্নাতক বা সমপৰ্যায়ৰ পাঠ্যক্ৰম আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ ক্ষেত্ৰত শ্ৰেণীকোঠাত পাঠদান পৰ্ব মুকলিত অনুমতি দিয়া হৈছে।

অৱশ্যে স্নাতক সমপৰ্যায়ৰ পাঠ্যক্ৰম আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ পাঠগ্ৰহণৰ বাবে ছাত্ৰ-ছাত্ৰীসকলে কমেও এপালি কোভিড প্ৰতিষেধক গ্ৰহণ কৰাটো বাধ্যতামূলক। একোটা শ্ৰেণীকক্ষত সৰ্বাধিক ৩০গৰাকী ছাত্ৰ-ছাত্ৰীয়েহে একেলগে পাঠগ্ৰহণ কৰিব পাৰিব।

শ্ৰেণীকোঠাত পাঠদান প্ৰক্ৰিয়া ৬ চেপ্তেম্বৰ ২০২১ সোমবাৰৰ পৰাহ আৰম্ভ কৰিব পাৰিব। কেৱল দুয়োপালি কোভিড প্ৰতিষেধক লোৱা ছাত্ৰ-ছাত্ৰীয়েহে হোষ্টেলত থাকিব পাৰিব

ইয়াৰ উপৰিও শিক্ষানুষ্ঠানৰ চৌহদ তথা শ্ৰেণীকোঠাৰ পৰিষ্কাৰ-পৰিচ্চন্নতাৰ লগতে বীজাণুনাশনৰ ব্যৱস্থা কৰিব লাগিব।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

3 + 4 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.