Internationalleatest updateঅসমগুৱাহাটীচিকিৎসাদৈনিক বাতৰিবিশ্বভাৰত

স্পুটনিক ভি কোভিড-১৯ ভেকচিনৰ অন্যতম নিৰ্মাতা বিজ্ঞানীক হত্যা

ৰাছিয়ান ফেডাৰেচনৰ অনুসন্ধানী সমিতিয়ে জনোৱা অনুসৰি দেশখনৰ কোভিড ভেকছিন স্পুটনিক ভি বিকাশত সহায় কৰা এজন ৰাছিয়ান ভাইৰোলজিষ্ট এণ্ড্ৰি বটিকোভক বৃহস্পতিবাৰে বেল্টেৰে শ্বাসৰুদ্ধ কৰি হত্যা কৰা হয়।

ৰাছিয়ান ফেডাৰেচনৰ অনুসন্ধানী সমিতিয়ে জনোৱা অনুসৰি দেশখনৰ কোভিড ভেকছিন স্পুটনিক ভি বিকাশত সহায় কৰা এজন ৰাছিয়ান ভাইৰোলজিষ্ট এণ্ড্ৰি বটিকোভক বৃহস্পতিবাৰে বেল্টেৰে শ্বাসৰুদ্ধ কৰি হত্যা কৰা হয়। এজন অনুপ্ৰৱেশকাৰীয়ে তেওঁৰ ঘৰত প্ৰৱেশ কৰাৰ পিছত আৰু ধনৰ সম্পৰ্কত তেওঁৰ সৈতে তৰ্ক কৰি বিবাদত লিপ্ত হৈছিল। ৰাছিয়ান ফেডাৰেচনৰ অনুসন্ধান সমিতিয়ে এক বিবৃতিত কয়, “এজন ২৯ বছৰীয়া যুৱকে তৰ্ক-বিতৰ্কৰ সময়ত বটিকোভক বেল্টেৰে শ্বাসৰুদ্ধ কৰি ঘটনাস্থলীৰ পৰা পলায়ন কৰে।”

উল্লেখ্য যে ৪৭ বছৰীয়া এণ্ড্ৰি বটিকোভে ৰাষ্ট্ৰীয় মহামাৰী বিজ্ঞান আৰু অণুজীৱবিজ্ঞান গৱেষণা কেন্দ্ৰত জ্যেষ্ঠ গৱেষক হিচাপে কাম কৰিছিল। তেওঁ পূৰ্বতে ডিআই ইভানোভস্কি ইনষ্টিটিউট অৱ ভাইৰোলজীৰ ৰাছিয়ান ষ্টেট কালেকশন অফ ভাইৰাছত জ্যেষ্ঠ বিজ্ঞানী হিচাপে কাম কৰিছিল।

২০২০ চনত ৰাছিয়াৰ স্পুটনিক ভি কোভিড-১৯ ভেকছিনৰ বিকাশৰ ওপৰত কাম কৰা ১৮ জন বিজ্ঞানীৰ ভিতৰত বটিকোভ আছিল অন্যতম।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

9 − 5 =

Back to top button