চীনৰ বেইজিংত অনুষ্ঠিত ১৩৯ সংখ্যক আইঅ’চি অধিৱেশনৰ সময়ত ভাৰতে শনিবাৰে মুম্বাইত ২০২৩ চনৰ আন্তঃৰাষ্ট্ৰীয় অলিম্পিক সমিতিৰ (আইঅ’চি) অধিৱেশন বিনা প্ৰতিদ্বন্দিতাত আয়োজন কৰাৰ অধিকাৰ প্ৰদান কৰে।
আন্তঃৰাষ্ট্ৰীয় অলিম্পিক সমিতি (আইঅ’চি)ৰ সদস্যা নীতা আম্বানীয়ে আজি ভাৰতক ২০২৩ চনত মুম্বাইত আইঅ’চি অধিৱেশন আয়োজনৰ অধিকাৰ প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। মুম্বাইয়ে প্ৰক্ৰিয়াটোত অংশগ্ৰহণ কৰা প্ৰতিনিধিসকলৰ পৰা ইয়াৰ নিবিদাৰ সপক্ষে ঐতিহাসিক ৯৯% ভোট লাভ কৰে, ৭৫ জন সদস্যই ২০২৩ চনত আইঅ’চি অধিৱেশন আয়োজন কৰিবলৈ ইয়াৰ প্ৰাৰ্থিত্ব সমৰ্থন কৰে।
আই.ও.চি. অধিৱেশন হৈছে আই.ও.চি.-ৰ সদস্যসকলৰ বাৰ্ষিক সভা, যাৰ ভিতৰত আছে ১০১জন ভোটাৰ আৰু ৪৫জন অন্য সন্মানীয় সদস্য। এইসকল লোকে অলিম্পিক সম্বন্ধীয় গুৰুত্বপূৰ্ণ সিদ্ধান্তসমুহ গ্ৰহণ কৰে। যাৰ ভিতৰত আছে অলিম্পিক চাৰ্টাৰ সংশোধন, আইঅ’চিৰ বাবে সদস্য আৰু কাৰ্য্যালয়ৰ নিৰ্বাচন আৰু অলিম্পিকৰ আয়োজৰ বাবে চহৰৰ নিৰ্বাচন।
ভাৰতে ১৯৮৩ চনৰ পিছত প্ৰথমবাৰৰ বাবে আইঅ’চি বৈঠকখন আয়োজন কৰিব। এইয়া ভাৰতৰ বাবে এক গৌৰৱৰ বিষয়।
নীতা আম্বানীয়ে কয় যে, “৪০ বছৰৰ অপেক্ষাৰ পিছত অলিম্পিকৰ ধাৰা ভাৰতলৈ আকৌ উভতি আহিছে! ২০২৩ চনত মুম্বাইত আইঅ’চি অধিৱেশন আয়োজনৰ সন্মান ভাৰতক অৰ্পণ কৰাৰ বাবে মই আন্তৰ্জাতিক অলিম্পিক সমিতিৰ ওচৰত সঁচাকৈয়ে কৃতজ্ঞ,” নীতা আম্বানীয়ে কয়, “এইটো ভাৰতৰ অলিম্পিক ক্ষেত্ৰৰ বাবে এক গুৰুত্বপূৰ্ণ বিকাশ হ’ব, আৰু ই ভাৰতীয় ক্ৰীড়াৰ বাবে এক নতুন যুগৰ সূচনা কৰিব।”
A truly momentous occasion for the Olympic Movement in India!
Mumbai, India will host the 2023 IOC Session.
"It is our dream to host the Olympic Games in India in the years to come!”
– Smt. Nita Ambani, IOC Member and Founder-Chairperson, Reliance Foundation#OlympicsInIndia pic.twitter.com/34dneOIhYF— Reliance Foundation (@ril_foundation) February 19, 2022
তেওঁ লগতে কয়, “ক্ৰীড়া সদায়ে বিশ্বৰ লাখ লাখ লোকক বাবে আশা আৰু অনুপ্ৰেৰণাৰ কঢ়িয়াই আনিছে। অনাগত বছৰবোৰত ভাৰতত অলিম্পিক গেমছ আয়োজন কৰাটো আমাৰ সপোন হব!”
