TMCৰ বিৰুদ্ধে নিৰ্বাচনী যুদ্ধলৈ কলকাতাৰ আৰ জি কৰ কাণ্ডৰ ভুক্তভোগী চিকিৎসকৰ মাতৃ
চিকিৎসকগৰাকীৰ মাতৃক পশ্চিমবংগৰ আগন্তুক বিধানসভা নিৰ্বাচনত প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছে বিজেপিয়ে । নিৰ্বাচনৰ বাবে ১৯ গৰাকী প্ৰাৰ্থীৰ তৃতীয় তালিকা প্ৰকাশ কৰা বিজেপিয়ে পানীহাটী বিধানসভা সমষ্টিৰ পৰা মনোনীত কৰিছে তেওঁক।

কলকাতাৰ ভয়ংকৰ আৰ জি কৰ কাণ্ডৰ কথা মনত আছে নে আপোনাৰ? দেশজুৰি উঠিছিল প্ৰতিবাদৰ জোৱাৰ। পশ্চিমবংগৰ আৰ জি কৰ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত অপকৰ্ম আৰু হত্যাৰ বলি হৈছিল এগৰাকী কনিষ্ঠ চিকিৎসক। ২০২৫ চনৰ জানুৱাৰী মাহত এই গোচৰত এজন অভিযুক্তক যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰা হৈছে। নিৰ্বাচনৰ মাজত এতিয়া পুনৰ চৰ্চালৈ আহিছে বিষয়টো। কাৰণ বংগ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ আগবাঢ়ি আহিছে ভুক্তভোগী কনিষ্ঠ চিকিৎসকগৰাকীৰ মাতৃ।
চিকিৎসকগৰাকীৰ মাতৃক পশ্চিমবংগৰ আগন্তুক বিধানসভা নিৰ্বাচনত প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছে বিজেপিয়ে । নিৰ্বাচনৰ বাবে ১৯ গৰাকী প্ৰাৰ্থীৰ তৃতীয় তালিকা প্ৰকাশ কৰা বিজেপিয়ে পানীহাটী বিধানসভা সমষ্টিৰ পৰা মনোনীত কৰিছে তেওঁক। শেহতীয়াকৈ প্ৰাৰ্থীগৰাকীয়ে স্বামীৰ সৈতে বিজেপিত যোগদান কৰা বুলি খবৰ প্ৰকাশ পাইছিল।
বিজেপিয়ে প্ৰাৰ্থী ঘোষণা কৰাৰ পিছতে তেওঁ কয়, “মই জয়ী হোৱা মানে পানীহাটীৰ জনসাধাৰণ জয়ী হ’ব। তেওঁলোকৰ বাবে মই মাত মাতিম, যিসকলে প্ৰতিবাদ কেনেকৈ কৰিব লাগে পাহৰি গৈছে।” নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাটো তেওঁৰ বাবে গৌৰৱৰ পৰিৱৰ্তে এক বেদনাদায়ক দায়িত্ব বুলি কয়। লগতে কয় তেওঁ পানীহাটী সমষ্টিৰ জনসাধাৰণৰ সেৱাৰ বাবে চেষ্টা কৰিব। “মই মানুহৰ সেৱা কৰিব পাৰিলে মোৰ কন্যা সুখী হ’ব। মই বিচাৰো যে সমগ্ৰ পশ্চিম বংগত পদুম ফুলিব আৰু তৃণমূল উভালি পেলোওৱা হ’ব।”
It takes immense courage to turn personal grief into a public battle.
Ratna Debnath’s (mother RG Kar doctor) candidacy from Panihati on BJP ticket is a direct indictment of the TMC’s civility lectures in WB.
Saw her campaign trail where women are coming out to support her. Hope… pic.twitter.com/cf7Mn3J0KF— Smita Deshmukh🇮🇳 (@smitadeshmukh) April 1, 2026
ইফালে প্ৰাৰ্থীত্ব সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি তৃণমূলে কয় যে, বিজেপিৰ নেতাসকলে তেওঁৰ অভিযোগ শুনিবলৈ সময় নিদিয়াৰ পিছত তেওঁ কিয় বিজেপিক বাছি লৈছিল সেই কথা ৰাইজৰ উত্তৰ দিব লাগিব।”অভয়াৰ মাতৃৰ গণতান্ত্ৰিক অধিকাৰ আছে, কিন্তু চিবিআইয়ে তেওঁৰ কন্যাৰ গোচৰৰ সঠিক তদন্ত নকৰাৰ লগতে নতুন দিল্লীত গৃহমন্ত্ৰী, প্ৰধানমন্ত্ৰী, ৰাষ্ট্ৰপতিক সাক্ষাৎ কৰিবলৈ এপইণ্টমেণ্ট নাপালে বুলি অভিযোগ কৰি কিয় বিজেপিক বাছি লৈছিল সেই কথা ৰাইজক উত্তৰ দিব লাগিব।

