আজি পৱিত্ৰ ৰাখী বন্ধন। ভাতৃ-ভগ্নীৰ সম্পৰ্কৰ অটুট বন্ধন ৰাখী বন্ধন। প্ৰেম, ভাতৃত্ববোধৰ অনন্য নিদৰ্শন ৰাখী বন্ধন।
ভাৰতবৰ্ষত হিন্দু, জৈন, শিখ ধৰ্মাৱলম্বী লোকসকলে পালন কৰে এই ৰাখীবন্ধন উৎসৱটি। হিন্দু পঞ্জিকা অনুসৰি শাওণ মাহৰ পূৰ্ণিমা তিথিতে এই উৎসৱ উদযাপন কৰা হয়। এই দিনটোত বায়েক-ভনীয়েকে নিজৰ ককায়েক-ভায়েকক ৰাখী পিন্ধাই, ককায়েক-ভায়েকৰ মংগল কামনা কৰে। দেখিবলৈ সাধাৰণ যেন লগা এই ৰাখীডালতে লুকাই থাকে সকলোৰে প্ৰতি অকৃত্ৰিম ভালপোৱা।
এই উৎসৱৰ আৰম্ভণিৰ বিষয়ে কোনো সঠিক তথ্য নাই যদিও পুৰণি আখ্যান মতে, দানৱ আৰু দেৱতাৰ যুদ্ধত যেতিয়া দেৱতা সকল দুৰ্বল হৈ পৰিছিল, তেতিয়া দেৱতাৰ ৰজা ইন্দ্ৰৰ পত্নীয়ে এডাল ৰেচমৰ সূতা, কিছু মন্ত্ৰ শক্তিৰে পৱিত্ৰ কৰি ইন্দ্ৰৰ হাতত বান্ধি দিছিল। সংযোগ ক্ৰমে সেই দিনা শাওণ মাহৰ পূৰ্ণিমা তিথি আছিল আৰু জনবিশ্বাস মতে, তেতিয়াৰ পৰাই ৰাখী বন্ধন উৎসৱটি ভাৰতত প্ৰচলিত হৈ আহিছে।
সমগ্ৰ দেশৰ লগতে অসমতো উদযাপন কৰা হৈছে এই পৱিত্ৰ উৎসৱ। পৱিত্ৰ ৰাখী বন্ধনৰ দিনটো ভাতৃ-ভগ্নীয়ে উলহ-মালহেৰে উদযাপন কৰে । দিছপুৰৰ মন্ত্ৰী কলনীৰ উদ্যানতো ৰাখী বন্ধন উপলক্ষে আয়োজন কৰা হৈছে বিশেষ কাৰ্যসূচী। এই পৱিত্ৰ দিনটোত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ৰাখী পিন্ধালে তেখেতৰ ভগ্নীসকলে।
কেৱল ৰাখীবন্ধনৰ দিনটোতে নহয়, সদায় পৱিত্ৰ হৈ থাকক ভাতৃ-ভগ্নীৰ মাজৰ বান্ধোন। কোনো কাৰণতে ছিগি নাযাওঁক প্ৰেমৰ সম্পৰ্ক।