টকিঅ’ অলিম্পিকলৈ যোৱা ভাৰতীয় খেলুৱৈসকলৰ সৈতে সোমবাৰে মত বিনিময় কৰে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। অলিম্পিক বিজয়ী খেলুৱৈসকলৰ সৈতে কথা পাতে প্ৰধানমন্ত্ৰীগৰাকীয়ে। লগতে একেলগে আহাৰো গ্ৰহণ কৰে খেলুৱৈসকলৰ সৈতে।
শেহতীয়াকৈ প্ৰধানমন্ত্ৰীগৰাকীয়ে ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰে সোমবাৰৰ বাৰ্তালাপ অনুষ্ঠানৰ ভিডিঅ’ ক্লিপছ। ভাৰতীয় বক্সাৰ লাভলিনা বৰগোঁহাই আৰু মেৰীকমৰ সৈতে শিশুসকলৰ মাজত ক্ৰীড়াৰ প্ৰয়োজনীয়তা সম্পৰ্কতো আলোচনা কৰে প্ৰধানমন্ত্ৰীয়ে।
বাৰ্তালাপৰ সময়ত অসম কন্যা লাভলিনাৰ মাতৃৰ কিডনীৰ চিকিৎসাৰ কথাও সাঙুৰি লয় প্ৰধানমন্ত্ৰীগৰাকীয়ে। লগতে লাভলিনাৰ মাতৃলৈ সেৱা আগবঢ়ায় নৰেন্দ্ৰ মোদীয়ে। যেতিয়া লাভলিনাই নিজৰ জ্যেষ্ঠা ভগ্নী দুগৰাকীয়ে ক্ৰমে BSF আৰু CISFত চাকৰি কৰি থকাৰ কথা উল্লেখ কৰে, তেতিয়া প্ৰধানমন্ত্ৰীগৰাকীয়ে ধেমালিতে কয় যে, “তোমালোক সকলোৱে ঘৰত বক্সিঙৰ জৰিয়তে শব্দৰ ব্যৱহাৰ কৰা নেকি?”
Thank you Hon'ble @narendramodi sir https://t.co/JGK7cijsDv
— Lovlina Borgohain (@LovlinaBorgohai) August 17, 2021
উল্লেখযোগ্য যে, এই অনুষ্ঠানত প্ৰধানমন্ত্ৰীগৰাকীক ক্ৰীড়াবিদসকলে নিজৰ খেলা সামগ্ৰীসমূহ উপহাৰ দিয়ে। স্বৰ্ণ বিজয়ী জেভলিন থ্ৰ’ৱাৰ নীৰজ চোপ্ৰাই জেভলিন, ব্ৰঞ্জ বিজয়ী পি ভি সিন্ধুৱে বেডমিন্টন ৰেকেট, হকী টীমে হকী ষ্টীক লগতে লাভলীনাই নিজৰ বক্সিং গ্ল’ভ্ছ উপহাৰ দিয়ে দেশৰ প্ৰধানমন্ত্ৰীগৰাকীক। লাভলিনাই বক্সিং গ্ল’ভ্ছ উপহাৰ দিওঁতে নৰেন্দ্ৰ মোদীয়ে ধেমালিতে কয় যে, “এতিয়া ৰাজনীতিৰ মানুহে মোক ক’ব যে, মোদীয়ে সমস্যাৰ সৃষ্টি কৰিব”। লগতে এই গ্লভ্ছৰ Auction কৰি জনসাধাৰণৰ উন্নয়নৰ বাবে সেই পইচা খৰচ কৰাৰ বাবে লাভলিনাৰ অনুমতি বিচাৰে প্ৰধানমন্ত্ৰী মোদীয়ে।
