PAHALGAM HORROR ATTACK : হিন্দুৰ তে*জেৰে ৰাঙলী হ’ল কাশ্মীৰৰ পহলগাম

মঙলবাৰে জম্মু-কাশ্মীৰৰ পহলগামত সংঘটিত বিশ্ব কঁপাই গ’ল এক শিহৰণকাৰী আক্ৰমণে। এদল পৰ্যটকৰ ওপৰত চলোৱা সন্ত্ৰাসবাদী আক্ৰমণত ২৮গৰাকী পৰ্যটকৰ মৃত্যু হৈছে। এই আক্ৰমণত পৰ্যটক আৰু স্থানীয় লোককে ধৰি ২৮জন লোক নিহত হোৱাৰ লগতে কেইবাগৰাকীও লোক আহত। কালমা পঢ়িব নোৱাৰাৰ বাবেই পৰ্যটকৰ ওপৰত গুলীচালনা। অ-মুছলমান পৰ্যটকৰ ওপৰত বৰ্বৰ আক্ৰমণ চলাই পাকিস্তানী সন্ত্ৰাসবাদীয়ে কৰিলে অত্যাচাৰ। নিহতৰ মাজত ইটালী, ইজৰাইলৰ দুজন বিদেশী পৰ্যটকো। প্ৰায় ৪০ জন পৰ্যটকক ঘেৰিলৈ গুলীয়াইছিল সন্ত্ৰাসবাদীয়ে। ঘটনাৰ পিছতে শ্ৰীনগৰত গৃহমন্ত্ৰী অমিত শ্বাহৰ বৈঠক। আজি গৃহমন্ত্ৰী অমিত শ্বাহ পহলগামলৈ যোৱাৰ সম্ভাৱনা। ছৌদি আৰৱ ভ্ৰমণ আধাতে সামৰি ভাৰতলৈ উভতিল প্ৰধানমন্ত্ৰী মোদী। দেশৰ কেইবাখনো চহৰত হাই এলাৰ্ট জাৰি কৰা হৈছে।
দেশ, বিদেশৰ পৰ্যটকে ভৰি পৰিছিল জম্মু কাশ্মীৰ। মানুহে পাহৰিব লৈছিল পুলৱামা, কাৰ্গিল আদি কাহিনীবোৰ। এই আক্ৰমণে জম্মু কাশ্মীৰলৈ কঢ়িয়াই আনিলে আন এক অনিশ্চয়তাৰ বাৰ্তা। সন্ত্ৰাসবাদীসকলে যিসকল লোকক হত্যা কৰিলে সেইসকল লোকৰ এটাই অপৰাধ আছিল তেওঁলোক ভাৰতীয়।
২৮জন পৰ্যটকক গুলীচালনা কৰা সন্ত্ৰাসবাদীৰ স্কেচ্চ ইতিমধ্যে প্ৰকাশ কৰা হৈছে। এই সন্ত্ৰাসবাদীকেইটা হৈছে আছিফ ফৌজী, চুলেমান শ্বাহ আৰু আবু তালহা। সন্ত্ৰাসবাদীকেইটা The Resistance Front (TRF)ৰ বুলি চিনাক্ত কৰা হৈছে।
হাতে হাতে মমবাতি লৈ ওলাই আহিল স্থানীয় ৰাইজ। ঘটনাক লৈ প্ৰতিক্ৰিয়া জনপ্ৰিয় অভিনেতা অনুপম খেৰৰ। কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধীৰো শোক প্ৰকাশ। ঘটনাক গৰিহণা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনৰ শোক প্ৰকাশ। সন্ত্ৰাসবাদীৰ আক্ৰমণৰ ঘটনাক গৰিহণা হোৱাইট হাউচৰ। প্ৰধানমন্ত্ৰীৰে বাৰ্তালাপ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ। সহায়ৰ হাত লৈ ভাৰতৰ কাষত থিয় দিয়াৰ প্ৰতিশ্ৰুতি ট্ৰাম্পৰ।
