
আকৌ এক বিতৰ্কৰ দিশে অসম সাহিত্য সভা। অসম সাহিত্য সভা মানেই যেন বিতৰ্কৰ অন্য এক নাম। সভাৰ গৰিমা ম্লান কৰা একাংশ স্বাৰ্থলোভী মানুহৰ বাবে সাহিত্য সভা গঠনৰ মূল কাঠামো আজি পাহৰণিৰ গৰ্ভত।
মাত্ৰ এটা দশকৰ ভিতৰতে একাধিকবাৰ সংশোধন কৰা হ’ল অসম সাহিত্য সভাৰ সংবিধান। অসম সাহিত্য সভাৰ সভাপতি ড° বসন্ত কুমাৰ গোস্বামীৰ নেতৃত্বত এখন সংবিধান সংশোধনী সমিতি গঠন কৰি দিয়ে চিৰাং জিলাৰ ঢালিগাঁৱত ৬ জুলাইত অনুষ্ঠিত হোৱা দ্বিতীয়খন পূৰ্ণাংগ কাৰ্যনিৰ্বাহক অধিৱেশনত। সভাপতি হিচাপে স্বয়ং ড° বসন্ত কুমাৰ গোস্বামী থাকিব লগা এই সমিতিৰ আহ্বায়ক হিচাপে দায়িত্ব দিয়া হৈছে আউনীআটী বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড° মাধুৰ্যমণ্ডিত বৰুৱাক। কাৰ্যকৰী সভাপতি হিচাপে থাকিব দুখনকৈ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হিচাপে কাৰ্যনিৰ্বাহ কৰা তথা দৈনিক অসম কাকতৰ প্ৰাক্তন সম্পাদক ড° হিতেশ ডেকা। গুৰুত্বপূৰ্ণ কথাটো হ’ল অসম সাহিত্য সভাৰ সংবিধান যোৱা এটা দশকতে একাধিকবাৰ সংশোধিত হৈছিল। তেনেহ’লে প্ৰশ্ন হৈছে আকৌ এবাৰ সাহিত্য সভাৰ সংবিধানৰ সংশোধনৰ প্ৰয়োজনীয়তা কি? কিহৰ বাবে? কাৰ স্বাৰ্থৰ বাবে?…

কাৰ্যকাল বৃদ্ধিৰ অভিসন্ধিৰেই আকৌ চলিছে নেকি সংশোধনী প্ৰক্ৰিয়া?
ঢালিগাঁৱৰ দ্বিতীয় পূৰ্ণাংগ কাৰ্যনিৰ্বাহকৰ পিছতেই আৰম্ভ হৈছে সৰৱ চর্চা। ক্ষমতা আৰু লোভৰ পৰিণতিৰেই অন্য এক ৰূপ হৈ পৰিছে নেকি সাহিত্য সভাৰ সংবিধান সংশোধনী প্ৰক্ৰিয়া। কিয়নো এইবাৰৰ সংশোধনীৰ জৰিয়তে সাহিত্য সভাৰ বৰ্তমানৰ সভাপতি আৰু প্ৰধান সম্পাদকে কাৰ্যকাল বৃদ্ধিৰ পৰিকল্পনা কৰিব বুলি সাহিত্য সভাৰ ভিতৰ চ’ৰাত চৰ্চা হৈছে। কাৰ্যকাল বৃদ্ধিৰ বাহিৰেও আন কি কি বিষয়ত সংবিধান সংশোধন হ’ব সেয়া স্পষ্ট নহয় যদিও অহা মধ্যকালীন গুৱাহাটী অধিৱেশনৰ পূৰ্বেই সংবিধানখনৰ পূৰ্ণপৰ্যায়ৰ সংশোধনীৰ বাবে প্ৰস্তুতি আৰম্ভ হৈছে।
সাহিত্য সভাৰ এই পৰিণতি কিয়?
সাহিত্য সভাৰ মজিয়াখনক ক্ষমতাৰ চাবি হিচাপে ব্যৱহাৰ কৰাৰ লক্ষই বাৰে-বাৰে প্ৰশ্নবোধকৰ সৃষ্টি কৰে সভাৰ নামটোক। অসম সাহিত্য সভা হৈছে অসমৰ শ্ৰেষ্ঠ সাহিত্যিক আৰু সাংস্কৃতিক প্ৰতিষ্ঠান, যাৰ মূল উদ্দেশ্য হৈছে অসমীয়া ভাষা, সাহিত্য, সংস্কৃতি আৰু লোক-সম্পদৰ উন্নয়ন, সংৰক্ষণ আৰু বিস্তাৰ। কিন্তু শেহতীয়াকৈ সভাৰ মাজত পদমৰ্যাদা আৰু ক্ষমতাৰ খোৱা-কামোৰাই লাঘৱ কৰিছে সভাৰ গৰিমা।
সভাৰ ইতিহাস
১৯১৭ চন… অসম আৰু অসমীয়াৰ ইতিহাসৰ আটাইতকৈ গুৰুত্বপূৰ্ণ দিন। শিৱসাগৰ জিলাত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছিল অসম সাহিত্য সভাৰ প্ৰথম অধিবেশন। দিনৰ হিচাপত সেয়া ১৯১৭ চনৰ একেবাৰে শেষৰ দুটা দিন-২৭ আৰু ২৮ ডিচেম্বৰ। সেই সভাই পদ্মনাথ গোহাঞি বৰুৱাক নিৰ্বাচিত কৰিছিল প্ৰথম সভাপতিৰূপে। সেই সভাই সভা সম্পাদকৰ দায়িত্ব দিছিল চন্দ্ৰ কুমাৰ আগৰৱালাক। সভা গঠনৰ আঁৰৰ উদ্দেশ্য আছিল- অসমীয়া ভাষাৰ মান সংৰক্ষণ আৰু উন্নয়ন,
অসমীয়া সাহিত্যৰ প্ৰসাৰ আৰু উৎকৰ্ষতা বৃদ্ধি, অসমীয়া সংস্কৃতি, লোকসাহিত্য আৰু ইতিহাসৰ সংৰক্ষণ, অসমীয়া জাতিসত্তাৰ বিকাশ সাধন, অন্য ভাষাৰ সাহিত্যৰ সৈতে সাহিত্যিক বিনিময়। এয়া এক শতিকাজোৰা ইতিহাস। কিন্তু সেই উদ্দেশ্যে, সেই লক্ষ্য, সেই গৰিমা পাহৰিব বিচাৰিছে আজিৰ একাংশ স্বাৰ্থলোভী তথাকথিত সাহিত্যিক আৰু ক্ষমতালোভী মানুহে। আৰু নিজৰ স্বাৰ্থলোভৰ বাবে হাথিয়াৰ হিচাপে হাতত তুলি লৈছে সভাৰ সংবিধান।



