জীৱনশৈলীফটোবলিউডভাৰতমনোৰঞ্জনমুম্বাই

ৰণবীৰৰ সৈতে গোপনে বিবাহপাশত আৱদ্ধ হ’ল আলিয়া ! পিছে কেতিয়া?

আলিয়া আৰু ৰণবীৰে কেতিয়া গোপনে বিবাহ পাশত আৱদ্ধ হৈছিল? অয়ন মুখাৰ্জীৰ দ্বাৰা পৰিচালিত ব্ৰহ্মাস্ত্ৰৰ দৃশ্যগ্ৰহণৰ সময়ত দম্পতীহাল ইজনে সিজনৰ প্ৰেমত পৰিছিল।

ৰণবীৰ কাপুৰ আৰু আলিয়া ভাট। বলিউডৰ বহুল চৰ্চিত তাৰকা যুটী আলিয়া-ৰণবীৰ। প্ৰেমিক চৰাই হালৰ বিবাহক লৈ দীৰ্ঘদিন ধৰি বলিউডত বহুতো জল্পনা-কল্পনা চলি আহিছে। ক’ৰোনা মহামাৰীৰ বাবে তেওঁলোকৰ বিবাহ পিছুৱাই দিয়া হৈছিল যদিও এতিয়া দুয়োৰে বিবাহক লৈ চলিছে অন্য এক চৰ্চা। আলিয়াৰ এক মন্তব্যই খলকনি তুলিছে সকলোতে।

 

couple

 

সকলোকে আচৰিত কৰি আলিয়াই ব্যক্ত কৰে এটা কথা- ‘বিবাহিত ৰণবীৰ-আলিয়া’। আলিয়াৰ মুখেৰে এই কথা শুনাৰ পিছত আচৰিত হৈ পৰিছে সকলো। সকলোৰে মনত উদয় হৈছে এক প্ৰশ্নৰ, ‘কেতিয়া গোপনে বিবাহ পাশত আৱদ্ধ হ’ল ৰণবীৰ-আলিয়া?

alia and ranbir

ব্ৰহ্মাস্ত্ৰৰ শ্বুটিঙৰ সময়ত প্ৰেমত পৰিছিল দুয়ো। প্ৰথমে, দুয়োগৰাকীয়ে নিজৰ সম্পৰ্কটো গোপনে ৰাখিছিল যদিও পিছত অনুৰাগীৰ আগত ব্যক্ত কৰিছিল বহুদিনীয়া সম্পৰ্কৰ কথা। প্ৰায়ে সামাজিক মাধ্যমত একেলগে ফটো শ্বেয়াৰ কৰে ৰণবীৰ-আলিয়াই আৰু সেয়েহে অনুৰাগীসকলে দুয়োকে কইনা আৰু দৰাৰ ছদ্মবেশত চাবলৈ দীৰ্ঘদিনৰ পৰা অপেক্ষা কৰি আছে। কিন্তু আলিয়াই অলপতে কৈছে যে ইতিমধ্যে ৰণবীৰৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছে আলিয়া!

 

alia and ranbir wedding

এতিয়া প্ৰশ্ন উঠিছে আলিয়া আৰু ৰণবীৰ সঁচাকৈয়ে বিবাহিত নেকি? সঁচায়ে বাস্তৱত, তাৰকা দম্পতীহালে গোপনে বিবাহ পাশত আৱদ্ধ হৈছে নেকি? অৱশ্যে, ৰীয়েল লাইফত বিবাহপাশত আৱদ্ধ হোৱা নাই ৰণবীৰ-আলিয়া। আচলতে আলিয়াই  এক সাক্ষাৎকাৰত কৈছিল যে, ‘বহু বছৰ আগতেই ৰণবীৰৰ চিন্তা-ধাৰণাৰ সৈতে মনৰ পৰা বিবাহপাশত আৱদ্ধ হৈছে আলিয়া’।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

one × 2 =

Back to top button