Socialঅপৰাধকৃষিনাগালেণ্ডপৰিৱেশ

 পুনৰ নগাৰ আগ্ৰাসন! ১২ বিঘাকৈ ভূমিত এতিয়া নগাৰ শেনচকু

পুনৰ মেৰাপানী সীমান্তৰ ডি চেক্টৰত আগ্ৰাসন  নগাৰ।

অসমীয়া লোকৰ মাটিত সংগোপনে আহি ৰোপন কৰিলে ধানখেতি। অভিযোগ দিয়াৰ পাছতো ব্যৱস্থা নোলোৱাৰ অভিযোগ চি আৰ পি এফৰ বিৰুদ্ধে।

মেৰাপানী সীমান্তত অসমীয়াৰ মাটিত পুনৰ আগ্ৰাসন চলালে নগাই। মেৰাপানীৰ ১ নং ওপৰ তৰাণিৰ গড়বস্তিৰ বিতৰ্কিত ভূমিত নগাৰ আধিপত্য। অসম চৰকাৰৰ ‘হাফ মাইল বেল্ট’ৰ অধীনত ১৯৭০ চনতে সীমান্তবাসীক ৰাইজক আৱন্টন দিয়া ১২ বিঘাকৈ ভূমিত এতিয়া নগাৰ শেনচকু। ১ নং তৰাণিৰ গোপাল গড় আৰু তেওঁৰ ভগ্নী তৰামাই গড়ৰ নামত পৈত্ৰিক সূত্ৰে লাভ কৰা ভূমিত নগা আৰু অসমীয়াৰ মাজত সীমা বিবাদৰ সূত্ৰপাত হৈ ২০১১ চনৰে পৰা বিবাদমান ভূমি হিচাপে চিহ্নিত হৈ আহিছিল। ফলস্বৰূপে সীমান্তত নিয়োজিত চি আৰ পি এফৰ হস্তক্ষেপত বিবাদমান ভূমিখণ্ডত গোপাল গড়ৰ পৰিয়ালৰ লগতে অধিকাৰ সাৱস্ত্য কৰিব খোজা নগা লোকক খেতিবাতি কৰাৰ ক্ষেত্ৰত বাধা প্ৰদান কৰি ৰাখিছিল যদিও এইবাধা নামানি একাংশ নগালোকে উক্ত ভূমিত ৰোপন কৰিছে ধান খেতি।

ইফালে ঘটনাৰ সন্দৰ্ভত নগাই হাবি কাটি খেতি কৰিবলৈ যা-যোগাৰ কৰাৰ লগতে ধানৰ কঠিয়া ৰোপন কৰাৰ তথ্য লাভ কৰি তৰামাই গড়ে মেৰাপানীস্থিত ১৪২ নং চি আৰ পি এফক যোৱা ২৫ জুনতেই অৱগত কৰিছিল যদিও কোনো গুৰুত্ব আৰোপ নকৰিলে চি আৰ পি এফে। ফলত নিজৰে পৈত্ৰিক সম্পত্তিত নগাৰ বেদখল কোনো কাৰণতেই মানি ল’ব খোজা নাই দুৰ্ভগীয়া পৰিয়ালটোৱে।

এই দীৰ্ঘদিন ধৰি বিৰ্তকিত হৈ থকা ভূখণ্ডৰ উচিত মীমাংসা কৰি নগাৰ কৱলৰ পৰা হস্তান্তৰ কৰাৰ আহ্বান জনাইছে ভুক্তভোগী পৰিয়ালটোৱে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

5 × 1 =

Check Also
Close
Back to top button