অসম

মানসিক বিকাৰ গ্ৰস্থ লোকক সহায়ৰ বাবে আগবাঢ়ি আহিল আছু

ক’ভিডসৃষ্ট পৰিৱেশৰ বাবে সমগ্ৰ অসমৰ জনসাধাৰণ আৰ্থিক জৰুলা হোৱাৰ লগতে দুবেলা দুমুঠি খোৱাৰ বাবেও চিন্তা কৰিব লগাত পৰিছে। এই পৰিস্থিতিত পদপথত ঘুৰি ফুৰা মানসিক বিকাৰ গ্ৰস্থ লোক, অঘৰী, আৰু ভীক্ষাৰীসকল সংকতৰ গৰাহত পৰিছে।

আনৰ সহায়ৰ ওপৰত জীয়াই থকা এই লোক  সকলক কোনেও সহায় কৰিব নোৱাৰাৰ ফলত বহু লোক ৰোগত আক্ৰান্ত হোৱাৰ লগতে মৃত্যুক সাৱতি লব লগা হৈছে। ওদালগুৰি জিলাৰ কলাইগাও চহৰত এনে বহু লোক চহৰৰ অলিয়ে গলিয়ে ঘুৰি ফুৰাৰ বাবে  কলাইগাও আছু নিজ কাৰ্যলয়ত ভাত ৰান্ধি এই মানসিক বিকাৰগ্ৰস্থ আৰু দূৰ্গত লোক সকলক খুৱাই মনৱতাৰ পৰিচয় দাঙি ধৰে।  আনহাতে কলাইগাও অঞ্চলৰ সকলো দল সংগঠনক এই দূৰ্গত লোক সহায়ৰ হাত আগবঢ়াবলৈ কলাইগাও আছুৰ সভাপতি মাধুৰ্য্য শৰ্মা আৰু উপদেষ্টা ৰনজিত নাথে আহ্বান জনায় ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

sixteen − six =

Back to top button