অসম

নতুন বছৰত ভাল খবৰ, সৃষ্টিশীল লেখনিৰে ৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকিল অসমৰ ৪ যুৱক…

এই বঁটা লাভ কৰা প্ৰতিগৰাকী যুৱ লেখকে ছমাহৰ বাবে মাহিলি পাব ৫০ হাজাৰ টকাকৈ জলপানি।উল্লেখ্য যে, সৰ্বভাৰতীয় পৰ্যায়ত ১৬ হাজাৰ যুৱলেখকৰ ভিতৰত বাছনি কৰা হৈছিল ৭৫ গৰাকী যুৱলেখকক।

নৱবৰ্ষৰ আৰম্ভণিতে ৰাজ্যবাসীলৈ এটা ভাল খবৰ। নতুন বছৰে দিছে নতুন বতৰা। ৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকিল অসমৰ ৪ যুৱ লেখক।

NBT-প্ৰধানমন্ত্ৰী যুৱ মেণ্টৰশ্বীপ স্কীমৰ পাণ্ডুলিপি প্ৰতিযোগিতাত জিলিকিল অসমৰ লেখক। পাণ্ডুলিপি প্ৰতিযোগিতাত শীৰ্ষ স্থান লাভ কৰিলে অসমৰ প্ৰিয়ম ডি জোত্‍স্নাই। দ্বিতীয় স্থান লাভ কৰে ঢকুৱাখনাৰ যুৱ লেখক বুদ্ধিদীপ্ত দিহিঙীয়াই।
দীৰ্ঘদিন ধৰি বিকাশ দিহিঙীয়া ছদ্মনামেৰে লিখা-মেলা কৰি আহিছে ঢকুৱাখনাৰ বুদ্ধিদীপ্তই। আনহাতে, পঞ্চম স্থান লাভ কৰিছে অনিলা স্বৰ্গীয়াৰী আৰু নম্ৰতা হাজৰিকাই।

এই বঁটা লাভ কৰা প্ৰতিগৰাকী যুৱ লেখকে ছমাহৰ বাবে মাহিলি পাব ৫০ হাজাৰ টকাকৈ জলপানি।উল্লেখ্য যে, সৰ্বভাৰতীয় পৰ্যায়ত ১৬ হাজাৰ যুৱলেখকৰ ভিতৰত বাছনি কৰা হৈছিল ৭৫ গৰাকী যুৱলেখকক।

নতুন বছৰৰ আৰম্ভণিতে অসমৰ ৪ যুৱ লেখকে এই সফলতাত কঢ়িয়াই অনাৰ খবৰে উৎসাহিত কৰি তুলিছে সকলোকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

1 × 2 =

Back to top button