উৎসৱ

এইবাৰ দুৰ্গা পূজাত ৫৯ বছৰৰ পাছত ঘটিব দুৰ্লভ সংযোগ! ৫টা ৰাশিলৈ ডাঙৰ খবৰ

এই সংযোগৰ ফলত দুৰ্গা পূজাৰ পূৰ্বে উদয় হ'ব ৫ ৰাশিৰ ভাগ্য

এইবাৰ দুৰ্গা পূজাত ৫৯ বছৰৰ পাছত ঘটিব দুৰ্লভ সংযোগ! ৫টা ৰাশিলৈ ডাঙৰ খবৰ

শাৰদীয় উৎসৱ দুৰ্গা পূজালৈ মাজত মাত্ৰ কেইটামান দিন বাকী৷ জ্যোতিষশাস্ত্ৰ অনুসৰি এইবাৰ দুৰ্গা পূজাৰ পূৰ্বে ঘটিব এক দুৰ্লভ সংযোগ। ৫৯ বছৰৰ পাছত এইবাৰ ঘটিব এই বিৰল সংযোগ। এই সংযোগৰ ফলত দুৰ্গা পূজাৰ পূৰ্বে উদয় হ’ব ৫ ৰাশিৰ ভাগ্য। জ্যোতিষ শাস্ত্ৰ অনুসৰি অহা ২৪ ছেপ্টেম্বৰ তাৰিখে গ্ৰহনৰ এক বিশেষ অৱস্থান হ’ব। গ্ৰহৰ এই অৱস্থান ৫৯ বছৰৰ পাছত সংঘটিত হ’ব। এই দিনটোত শনি আৰু বৃহস্পতি গ্ৰহ বক্ৰ অৱস্থাত থাকিব। কন্যা ৰাশিত সূৰ্য আৰু বুধৰ সংমিশ্ৰণৰ বাবে বুধাদিত্য যোগ ইতিমধ্যে আৰম্ভ হৈছে।

কি কি ৰাশিৰ জাতক-জাতিকাৰ কেনেকৈ ভাগ্য উদয় হ’ব তলত উল্লেখ কৰা হ’ল-

১) বৃষ- বৃষ ৰাশিৰ লোকসকলে ব্যৱসায়ত যথেষ্ট লাভান্বিত হ’ব। ব্যৱসায় সম্প্ৰসাৰণ হোৱাৰ সম্ভাৱনা থাকিব। ধন লাভ হ’ব। নতুন পৰিকল্পনা ফলপ্ৰসূ হ’ব। আকস্মিকভাৱে হাতলৈ ধন আহিব। কাৰোবাক ধাৰলৈ দিয়া টকাও ঘূৰাই পাব।

২) মিথুন- এই ৰাশিৰ জাতক-জাতিকাই চাকৰিত এটা ডাঙৰ পদ পাব পাৰে। সংগীৰ ভাগ্যৰ পৰা ধন লাভান্বিত হ’ব। শিক্ষাৰ ক্ষেত্ৰত ভাল ফলাফল পাব। সন্মান বৃদ্ধি হ’ব।

৩) কন্যা- চাকৰি আৰু ব্যৱসায়ত অগ্ৰগতিৰ হ’ব। এই ৰাশিত, শুক্ৰই নিম্ন ৰাজা যোগ সৃষ্টি কৰিছে, যাৰ বাবে হঠাতে ধন প্ৰাপ্ত কৰিব পাৰিব। দীৰ্ঘদিন ধৰি ৰৈ থকা কামবোৰ আৰম্ভ হ’ব। অমীমাংসিত যিকোনো কাম সম্পূৰ্ণ হোৱাৰ যোগ পৰিছে।

৪) ধনু- ব্যৱসায়ীসকলৰ বাবে অতি শুভ সময়। ব্যৱসায়িক বিষয়ত ভ্ৰমণৰ জৰিয়তে লাভান্বিত হ’ব। পৰিয়ালত সুখৰ পৰিৱেশো থাকিব। মান-সন্মান বৃদ্ধি হ’ব।

৫) মীন- শনি দেৱ মীন ৰাশিৰ লোকসকলৰ লাভৰ স্থানত বহি আছে। ইয়াৰ বাবে মীন ৰাশিৰ জাতক-জাতিকাই চাকৰিত নতুন সুযোগ পাব পাৰে বা পদোন্নতি হ’ব পাৰে। দৰমহা বৃদ্ধি হোৱাৰ পূৰ্ণ সম্ভাৱনা। উপাৰ্জনৰ আয় বৃদ্ধি হ’ব।

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

five × five =

Back to top button