অসমগুৱাহাটীভাৰতভ্ৰমণ

আজি অসমত উপস্থিত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূ। অসমত ৰাষ্ট্ৰপতিগৰাকীয়ে কোনদিনা ক’ত কি কাৰ্যসূচীত ল’ব অংশগ্ৰহণ!

আজি গুৱাহাটীত উপস্থিত হ’ব ৰাষ্ট্ৰপতিগৰাকী

তিনিদিনীয়া কাৰ্যসূচীৰে উত্তৰ-পূব ভ্ৰমণ ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মূ। ৰাষ্ট্ৰপতি হোৱাৰ পাছত পোনপ্ৰথমবাৰৰ বাবে উত্তৰ-পূবত উপস্থিত ৰাষ্ট্ৰপতিগৰাকী। বুধবাৰে ত্ৰিপুৰাত উপস্থিত হয় ৰাষ্ট্ৰপতিগৰাকী। আজি অসমলৈ আহিব ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূ। গুৱাহাটীত উপস্থিত হ’ব ৰাষ্ট্ৰপতিগৰাকী। ইতিমধ্যে ৰাষ্ট্ৰপতিৰ আগমনক লৈ কটকটীয়া কৰিছে নিৰাপত্তা। মহানগৰ যানবাহন নিয়ন্ত্ৰণ শাখাইয়ো জাৰি কৰিছে বিশেষ নিৰ্দেশনা।

 

 

১৩, ১৪ অক্টোবৰত গুৱাহাটীত বিশেষ কাৰ্যসূচীত অংশ ল’ব ৰাষ্ট্ৰপতিগৰাকীয়ে। ১৩ অক্টোবৰ অৰ্থাৎ আজি বিয়লি গুৱাহাটী IITত এক কাৰ্যসূচী অংশ ল’ব ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূৱে। ১৩ অক্টোবৰৰ দিনটোতেই আইআইটি গুৱাহাটীত ৰাষ্ট্ৰপতিয়ে ভাৰ্চুৱেলী কেন্দ্ৰীয় ইলেকট্ৰ’নিক্স আৰু তথ্য প্ৰযুক্তি আৰু স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয় আৰু অসম চৰকাৰৰ বিভিন্ন প্ৰকল্পৰ বাবে আধাৰশিলা স্থাপন কৰিব। ১৪ অক্টোবৰত ১১ বজাত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত ৰাজ্য চৰকাৰৰ বিশেষ কাৰ্যসূচী অংশ ল’ব মুৰ্মূৱে। খানাপাৰা প্ৰশাসনিক মহাবিদ্যালয়তো চৰকাৰৰ পৃথক অনুষ্ঠান আয়োজন। আনহাতে, ভাৰ্ছুৱেলী উদ্বোধন কৰিব আজ্ঞাঠুৰি ৰে’ল ষ্টেচন, ধুবুৰী মেডিকেল কলেজ। ১৩ অক্টোবৰত ৰাষ্ট্ৰপতিগৰাকীয়ে আগৰতলালৈকে চলিব লগা গুৱাহাটী-কলকাতা-গুৱাহাটী ৰে’লৰ বিশেষ সম্প্ৰসাৰণ আৰু মণিপুৰৰ খোংচাংলৈকে আগৰতলা-জিৰিবাম-আগৰতলা জন শতাব্দী এক্সপ্ৰেছৰ সম্প্ৰসাৰণৰ বাবে ফ্লেগ অফ কৰিব।

 

 

ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূৰ আগমণ সন্দৰ্ভত মহানগৰ যানবাহন আৰক্ষীয়ে সামগ্ৰী কঢ়িওৱা বাণিজ্যিক বাহনৰ ক্ষেত্ৰত জাৰি কৰিছে পথ নিৰ্দেশনা। ১৩ অক্টোবৰত ৰাতিপুৱা ৮ বজাৰ পৰা নিশা ১০ বাজি ৩০ মিনিটলৈ ৬ চকীয়া বা তাতকৈ ওপৰৰ সামগ্ৰী কঢ়িওৱা বাণিজ্যিক বাহন সমূহৰ চলাচল ২৭ আৰু ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে বন্ধ থাকিব। আনহাতে, ১৪ অক্টোবৰতো পুৱা ৮ বজাৰ পৰা নিশা ৯ বজালৈ বন্ধ থাকিব বাণিজ্যিক বাহন সমূহৰ চলাচল। ১৪ অক্টোবৰত পুৱা ৮ বজাৰ পৰা ১২ বাজি ৩০ মিনিটলৈ DG ROAD, AT ROAD, MG ROAD,KLB ROAD, TAIBULLAH ROAD, GNB ROAD, B.BARUAH ROAD, GS ROAD আৰু PUNJABARI ROAD ত বন্ধ থাকিব সকলো ধৰণৰ বাণিজ্যিক সামগ্ৰী কঢ়িওৱা বাহনৰ চলাচল। ১৪ অক্টোবৰ, শুকুৰবাৰে ৰাষ্ট্ৰপতিগৰাকী পুনৰ উৰা মাৰিব দিল্লীলৈ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

four × 2 =

Back to top button