Government Schemewomen empowermentৰাজস্থান

‘মহিলাসকলে কিয় নীৰৱে কষ্ট পাব লাগে’

ৰাজস্থান চৰকাৰে মহিলাসকলৰ বাবে ল'লে এক সুন্দৰ পদক্ষেপ

ৰাজস্থান চৰকাৰে মহিলাসকলৰ বাবে ল’লে এক সুন্দৰ পদক্ষেপ। মহিলাসকলৰ বাবে আৰম্ভ কৰিলে নতুন চেনিটেৰী পেড আঁচনি। ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলটে সংবাদমেলৰ সময়ত কয় যে তেওঁৰ চৰকাৰে প্ৰতিগৰাকী মহিলাক, প্ৰতিমাহে ১২টা চেনিটেৰী নেপকিন প্ৰদান কৰিব। সংবাদমেলযোগে মুখ্যমন্ত্ৰী গেহলটে বুধবাৰে ঘোষণা কৰে এই কথা।

 

ছাৱাই মাধোপুৰত এখন সংবাদমেল সম্বোধন কৰি অশোক গেহলটে কয় যে, “ঋতুচক্ৰৰ সময়ত মহিলাসকলে কিয় নীৰৱে কষ্ট পাব লাগে। ইয়াৰ চাৰিওফালে সংকোচ পিছ পৰি ৰ’ব লাগে।” ইয়াৰ পাছতে মুখ্যমন্ত্রীগৰাকীয়ে ৰাজ্যৰ সকলো মহিলাই প্রতিমাহে ১২টা চেনিটেৰী নেপকিন লাভ কৰিব বুলি ঘোষণা কৰি কয় যে এই আঁচনিখন জনস্বাৰ্থৰ বাবে আৰম্ভ কৰা হৈছে৷ ইয়াৰ পূৰ্বে জানুৱাৰী মাহত ৰাজস্থানৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এক অভিলাষী আঁচনি আৰম্ভ কৰিছিল যাৰ অধীনত মহিলা আৰু ছোৱালীক বিনামূলীয়াকৈ চেনিটেৰী নেপকিন প্ৰদান কৰা হয়। “উদ্দন” নামৰ এই আঁচনিখন অক্ষয় কুমাৰ অভিনীত পেডমেনৰ পৰা অনুপ্ৰাণিত হোৱা বুলি জানিব পৰা গৈছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

three × four =

Back to top button