খাদ্যপ্ৰযুক্তিবিজ্ঞানবিশ্বভাৰত

সমগ্ৰ বিশ্বৰ লগতে মহাকাশতো এতিয়া জনপ্ৰিয় ভাৰতীয় খাদ্যৰ সোৱাদ!

মহাকাশত মহাকাশচাৰীয়ে কিয় পচন্দ কৰে ভাৰতীয়?

সমগ্ৰ বিশ্বতে ভাৰতীয় খাদ্যৰ সোৱাদৰ অন্য এক জনপ্ৰিয়তা আছে। এই সোৱাদ কেৱল বিশ্বতে নহয় মহাকাশতো এতিয়া জনপ্ৰিয় হৈ পৰিছে।

মহাকাশত মহাকাশচাৰীয়ে অতিবাহিত কৰা দিনবোৰৰ বাবে কিছুমান বিশেষ খাদ্যৰ সংৰক্ষণ কৰা হয়। এই খাদ্য সমুহৰ ভিতৰত ৰেডি টু ইট (Ready to eat) জাতীয় খাদ্য ব্যৱহাৰ কৰা হয়। কিন্তু শেহতীয়াকৈ এই খাদ্যৰ কিছু সালসলনি ঘটিছে।
ভাৰতীয় মূলৰ ৪৫ বছৰীয়া চিকিৎসক অনিল মেমনে প্ৰকাশ কৰিছে যে, ভাৰতীয় খাদ্য মহাকাশত যোৱা মহাকাশচাৰীয়ে অত্যন্ত পছন্দ কৰে। এই সন্দৰ্ভত আন আন মহাকাশচাৰীৰ সৈতে কথা-বতৰা পাতি মেমনে গম পাইছে এই কথা। ভাৰতীয় খাদ্যৰ সোৱাদ অলপ মছলাযুক্ত হোৱাৰ লগতে স্বাস্থ্যৰ বাবেও ভাল।

উল্লেখ্য যে, স্পেচ এক্সে অনাগত দিনত চন্দ্ৰলৈ প্ৰেৰণ কৰা মহাকাশযানৰ অন্যতম সদস্য হিচাপে ভাৰতীয় মূলৰ মেনন নিৰ্বাচিত হৈছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

14 − 5 =

Back to top button