আন্তঃৰাষ্ট্ৰীয়

অন্ত পৰিল পাকিস্তানৰ বিশ্বকাপ জয়ৰ স্বপ্ন! চমকপ্ৰদ জয়ৰে ফাইনেলত অষ্ট্রেলিয়া

আইচিচি টি-২০ বিশ্বকাপ চেমি ফাইনেলত পাকিস্তানক পাঁচ উইকেটত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ অষ্ট্ৰেলিয়াৰ।

অপ্রতিৰোধ্য পাকিস্তানক স্তব্ধ কৰি টি–২০ বিশ্বকাপ ফাইনেলত প্রৱেশ কৰিলে অষ্ট্রেলিয়াই। বৃহস্পতিবাৰে আইচিচি টি-২০ বিশ্বকাপৰ ফাইনেলত প্ৰৱেশ কৰি অষ্ট্ৰেলিয়াই পাকিস্তানক পাঁচ উইকেটত পৰাস্ত কৰে।

aus vs pak

প্ৰথমে বেট ধৰি মহম্মদ ৰিজৱান আৰু ফখৰ জামানেৰ দ্ৰুত অৰ্ধশতক অৰ্জনৰ সৈতে পাকিস্তানে চাৰি উইকেটত সংগ্ৰহ কৰে ১৭৬ ৰাণ। ইনিংছ আৰম্ভ কৰি ৰিজৱানে ৫২ টা বলত ৬৭ ৰাণ সংগ্ৰহ কৰে। তেওঁৰ ৬৭ ৰাণৰ ইনিংছটোত আছিল তিনিটা বাউণ্ডেৰী আৰু চাৰিটা ছয়, আনহাতে জামানে তিনিটা চাৰি আৰু চাৰিটা ছয়ৰ সহায়ত ৩২ টা বলত ৫৫ ৰাণ কৰে।

aus vs pak

আনহাতে, অষ্ট্ৰেলিয়াৰ হৈ মিচেল ষ্টাৰ্কে ৩৮ ৰাণত দুটা উইকেট দখল কৰিবলৈ সক্ষম হয়।

ৰোমাঞ্চকৰ খেলখনৰ লিংক-

<iframe src=”https://www.facebook.com/plugins/video.php?height=314&href=https%3A%2F%2Fwww.facebook.com%2FT20WorldCup%2Fvideos%2F868557277153226%2F&show_text=false&width=560&t=0″ width=”560″ height=”314″ style=”border:none;overflow:hidden” scrolling=”no” frameborder=”0″ allowfullscreen=”true” allow=”autoplay; clipboard-write; encrypted-media; picture-in-picture; web-share” allowFullScreen=”true”></iframe>

উল্লেখ্য় যে, এটা অভাৰ বাকী থকা সময়তে এই চমকপ্রদ জয় সাব্যস্ত কৰে অষ্ট্ৰেলিয়াই।

দেওবাৰে, বিশ্বকাপৰ ফাইনেলত নিউজিলেণ্ডৰ সৈতে মুখামুখি হ’ব অষ্ট্ৰেলিয়া।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

20 − twelve =

Check Also
Close
Back to top button