AssamCulturehealthInternationalleatest updatenorth eastSocialSocial Networkঅসমকৃষি
চাহত কি থাকে ? চাহ কিয় খাব লাগে ?
আজি বিশ্ব চাহ দিৱস

দীঘলীয়া কামৰ অন্তত একাপ চাহৰ প্রয়োজন অনুভৱ কৰা যায়। সকলোৱে ধাৰণা কৰে যে একাপ চাহে মনটোক প্রফুল্লিত কৰাৰ লগতে শৰীৰটো সুস্থ অৱস্থাত ৰাখে। ইয়াৰ কাৰণ হ’ল, চাহ ৰাগিয়াল বস্তু যদিও ইয়াৰ দ্বাৰা মস্তিস্কৰ বিশেষ ক্ষতি নোহোৱা হেতু বিজ্ঞানেও চাহক এবিধ উপকাৰী পানীয় হিচাপেই ব্যৱহাৰ কৰে।
চাহপাতত থকা ৰাসায়নিক পদার্থই হৃদপিণ্ড আৰু ৰক্তপ্রবাহী নলীৰ ৰোগৰ প্ৰতিৰোধকৰ দৰে কাম কৰে।
চাহপাতত মজুত থাকে চেলুল’জ, প্ৰ’টিন, এচিড, চেনি, ক’ফিন, টেনিন আদি জৈৱ পদার্থ। শৰীৰত ক’ফিন প্রৱেশ কৰাৰ লগে লগে স্নায়ুতন্ত্র উত্তেজিত হয় আৰু তাৰ ফলতেই আমাৰ দেহৰ অৱসাদো আঁতৰি যায়। চাহত বি কমপ্লেক্স থকাৰ বাবে চাহ সেৱন কৰাৰ লগে লগে শৰীৰত কেলৰি বৃদ্ধি পায়।