খেলবিশ্বভাৰত

পৰৱৰ্তী অলিম্পিকত অংশ ল’ব নোৱাৰিব মীৰাবাঈয়ে

২০২৪ত খেলুৱৈগৰাকীৰ অলিম্পিকত পদক জয়ৰ সপোন বাস্তৱায়িত হোৱাৰ ক্ষেত্ৰত আহিছে অনিশ্চয়তা

সপোন সপোন হৈয়ে ৰ’ব মণিপুৰৰ জীয়ৰী মীৰাবাঈ চানুৰ। টকিঅ’ ‘অলিম্পিক ২০২০’ত ভাৰতৰ হৈ প্ৰথমটো ৰূপৰ পদক কঢ়িয়াই আনিছিল মীৰাবাঈ চানুৱে। কিন্তু ২০২৪ত খেলুৱৈগৰাকীৰ অলিম্পিকত পদক জয়ৰ সপোন বাস্তৱায়িত হোৱাৰ ক্ষেত্ৰত আহিছে অনিশ্চয়তা। কিয়নো ২০২৪ৰ পেৰিছ অলিম্পিকৰ পৰা বাতিল কৰা হ’ব ভাৰোত্তোলন প্ৰতিযোগিতা।

৯ আগষ্টত অনুষ্ঠিত হোৱা অলিম্পিকৰ শেষৰ বৈঠকত আন্তৰ্জাতিক অলিম্পিক সমিতি(The International Olympic Committee)য়ে সৰ্বসন্মতিক্ৰমে অধিৱেশনৰ অনুমোদনৰ প্ৰয়োজন নোহোৱাকৈ কাৰ্যবাহী পৰিষদক অলিম্পিকৰ পৰা যিকোনো খেল স্থগিত ৰখাৰ ক্ষমতা প্ৰদান কৰাৰ প্ৰস্তাৱত অনুমোদন জনায়।

উল্লেখ্য যে,  দীৰ্ঘদিনীয়া ড’পিং টেষ্ট আৰু চৰকাৰী সমস্যাৰ বাবেই অলিম্পিকৰ পৰা ভাৰোত্তোলন প্ৰতিয়োগিতা বাতিল কৰাৰ সিদ্ধান্ত লোৱা হৈছে ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

twelve + four =

Back to top button