অসম

থলুৱা কৃষকৰ পৰা আৰম্ভ কৰি ভূমিহীন ৰাইজলৈকে সকলোৱে পাব সুবিধা, কি কি সিদ্ধান্ত লোৱা হ’ল কেবিনেটত?

থলুৱা কৃষকৰ উন্নয়নৰ কাৰণে FCI অথবা আন স্বীকৃতিপ্ৰাপ্ত প্ৰতিষ্ঠানৰ দ্বাৰা ১০ লাখ মেট্ৰিক টন ধান প্ৰতি কুইণ্টলত ১৯৪০ টকাকৈ কিনাৰ যি পদক্ষেপ খাদ্য আৰু অসামৰিক যোগান বিভাগে হাতত লৈছে সেই সম্পৰ্কে কেবিনেটত আলোচনা।

আজি অনুষ্ঠিত হ’ল অসম চৰকাৰৰ কেবিনেট বৈঠক। অসমৰ যোগাযোগ ব্যৱস্থাৰ আন্তঃগাঁথনি উন্নীতকৰণ, জলজীৱন মিছন আৰু কেন্দ্ৰীয় বাজেট সম্পৰ্কে বিস্তৃত আলোচনা কৰা হয় বৈঠকত। কি কি গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হ’ল বৈঠকত?

১)নৈপৰীয়া ৰাইজক সুচল পথ দিয়াৰ লগতে মাথাউৰিৰ সংৰক্ষণৰ বাবে প্ৰায় ১,০০০ কিলোমিটাৰ মাথাউৰিক পকী ৰাজপথলৈ উন্নীতকৰণৰ বাবে ৯৫৮ কোটি টকাৰ অনুমোদন।

২)তামুলপুৰত নিৰ্মীয়মাণ চিকিৎসা মহাবিদ্যালয়ৰ বাবে ৪৫০ কোটি টকাৰ বিত্তীয় অনুমোদন।

৩)আন্তঃগাঁথনি আৰু যাতায়াত ব্যৱস্থাৰ উন্নীতকৰণৰ ক্ষেত্ৰত ৫টাকৈ গুৰুত্বপূৰ্ণ পথৰ পুনৰ উন্নীতকৰণৰ কাৰণে ১০৩১ কোটি টকাৰ অনুমোদন।

৪)মৰিয়নিৰ ১০৩টা পৰিয়ালক চৰকাৰী নিয়মমতে ভূমি পট্টা প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ।

৫)অসমৰ একমাত্ৰ পৌৰনিগম গুৱাহাটীৰ লগতে ডিব্ৰুগড় আৰু শিলচৰ চহৰক পৌৰনিগমলৈ উন্নীতকৰণৰ সিদ্ধান্ত।

৬)যোৰহাটৰ ৰৰৈয়া বিমান বন্দৰৰ উন্নীতকৰণৰ বাবে Airport Authority Of Indiaয়ে অধিগ্ৰহণ কৰা প্ৰায় ১২৪ বিঘা মাটিৰ গৰাকীলৈ প্ৰায় ১৫৬ কোটি টকা অনুমোদন।

৭)অতি সোনকালে জলজীৱন মিছনক সম্পূৰ্ণৰূপে কাৰ্যক্ষম কৰি ঘৰে-ঘৰে পানী যোগান ব্যৱস্থা কৰাৰ সিদ্ধান্ত।

৮)থলুৱা কৃষকৰ উন্নয়নৰ কাৰণে FCI অথবা আন স্বীকৃতিপ্ৰাপ্ত প্ৰতিষ্ঠানৰ দ্বাৰা ১০ লাখ মেট্ৰিক টন ধান প্ৰতি কুইণ্টলত ১৯৪০ টকাকৈ কিনাৰ যি পদক্ষেপ খাদ্য আৰু অসামৰিক যোগান বিভাগে হাতত লৈছে সেই সম্পৰ্কে কেবিনেটত আলোচনা।

৯)অসমৰ প্ৰতীক সম্পৰ্কে সিদ্ধান্ত ল’বৰ বাবে কেশৱ মহন্ত আৰু ৰনোজ পেগুৰ নেতৃত্বত এখন কমিটি গঠন।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

six − 6 =

Back to top button