কাহানিও স্কুলৰ বাৰান্দা গচকি পোৱা নাই তেওঁ। নাই আনুষ্ঠানিক শিক্ষাৰ কোনো প্ৰমাণ পত্ৰ। নাই তেওঁৰ কোনো শিক্ষা গুৰু। এই সকলোবোৰক আওকাণ কৰি আজি তেওঁ এজন সফল সাহিত্যিক।
দৰিদ্ৰতাৰ বাবে মাত্ৰ ৬ বছৰ বয়সত আনৰ ঘৰত গো-ৰখীয়া আৰু ৯ বছৰ বয়সত আৰক্ষী বিষয়াৰ ভাত ৰান্ধনী হিচাপে শৈশৱ অতিবাহিত কৰা সেই গৰাকী লোকেই আজি এগৰাকী লেখক হিচাপে লাভ কৰিছে প্ৰতিষ্ঠা। সাহিত্যৰ ক্ষেত্ৰত আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে অসম সাহিত্য সভাই তেওঁলৈ আগবঢ়াইছে প্ৰেৰণাশ্ৰী উপাধি ৷ প্ৰবল ইচ্ছা শক্তিৰ বাবে মাটিতে বৰ্ণমালা লিখিবলৈ শিকি জ্ঞানৰ চকু খুলিবলৈ সক্ষম হোৱা এই গৰাকী লোকেই হৈছে প্ৰেৰণাশ্ৰী যতীন কুমাৰ। পঢ়াৰ প্ৰতি তেখেতৰ আছিল প্ৰবল ধাউতি। চক, বজাৰত বেনাৰ প’ষ্টাৰ আদি পঢ়ি শিকিছিল আখৰ। দৰঙৰ ছিপাঝাৰ সমষ্টিৰ তিতকুঁছি গাঁওৰ বাসিন্দা এই গৰাকী যতীন কুমাৰে দহ খনকৈ উল্লেখযোগ্য গ্ৰন্থ ৰচনা কৰি অসমীয়া সাহিত্যৰ ভঁৰাললৈ আগবঢ়াইছে অনবদ্য অৱদান। শেহতীয়াকৈ যতীন কুমাৰ দ্বাৰা ৰচিত দশম খন উপন্যাস ভাগ্যদেৱীয়ে লাভ কৰিছে পাঠকৰ বিপুল সঁহাৰি।
বৰ্তমান বুঢ়া আৰক্ষী চকীৰ সমীপত এখন ক্ষুদ্ৰ চাহ দোকানেৰে জীৱিকা নিৰ্বাহ কৰিছে প্ৰেৰণাশ্ৰী যতীন কুমাৰে।